ৰাজ্যত এতিয়া চলিছে বনধ্বংস কাৰ্য

Share

বনবিভাগৰ চকুৰ সন্মুখতে তহিলং হৈছে বিঘাই বিঘাই শালগছ । বনবিভাগৰ জ্ঞাতসাৰেও বহু স্থানতে তহিলং কৰা হৈছে সংৰক্ষিত বনাঞ্চলৰ গছসমূহ। পশ্চিম কামৰূপত বনদস্যুৱে এফালৰ পৰা নিঃশেষ কৰিছে ৩ খনকৈ সংৰক্ষিত বনাঞ্চলৰ গছ-গছনি। দিনে নিশাই হেণ্ড মেচিনেৰে মুল্যৱান শালগছ কাটি বনাঞ্চললৈ ভাবুকিৰ সৃস্টি কৰিছে বনদস্যুৱে।

 লক্ষণীয়ভাৱে বিগত দুই-তিনি মাহ ধৰি পশ্চিম কামৰূপ বন সংমণ্ডলৰ বৰদুৱাৰ মায়ং, আৰু মাটাইখাৰ সংৰক্ষিত বনাঞ্চলত অব্যাহত আছে বনধ্বংস যজ্ঞৰ। বৰদুৱাৰ ঘিলাবাৰী, জুপাংবাৰী, জিমপুটা, ৰাজাপাৰা, আদি অঞ্চলত বনদস্যুৱে কাটি তহিলং কৰিছে মুল্যৱান শালগছ।  
স্থানীয় একাংশ লোকৰ মতে কেৱল কমিছনৰ অংকত বন বিভাগৰ বিষয়া-কৰ্মীয়ে বনদস্যুক বন ধ্বংস কৰিবলৈএৰি দিয়ে। এই ক্ষেত্ৰত লোহাৰঘাটৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ ভুমিকাৰ প্ৰতিও সন্দেহৰ আঙুলি টোঁৱাই ৰাইজে। অতি তাত্পৰ্যপূৰ্ণভাৱে লোহাৰঘাটৰ সংৰক্ষিত বনাঞ্চলসমূহত চলা অবাধ বন ধ্বংসই প্ৰকৃতিপ্ৰেমীক শংকিত কৰি তুলিছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *