মণিপুৰত এতিয়াও হিংসাত্মক পৰিস্থিতিয়ে বিৰাজ কৰা দেখা গৈছে l
উল্লেখযোগ্য যে, প্ৰায় ২ মাহ ধৰি হোৱা এই সংঘৰ্ষত বহুলোকৰ প্ৰাণহানি হোৱাৰ লগতে বহু লোক আহত হৈছে lকেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰে এই হিংসাত্মক ঘটনা ৰোধ কৰিবৰ বাবে চেষ্টা চলাই আহিছে l আনহাতে ৰাজ্যখনত শান্তি ঘূৰাই অনাৰ স্বাৰ্থত ১০জুলাইলৈকে ইন্টাৰনেট সেৱাৰ কৰ্তনৰ সিদ্ধান্ত জাৰী কৰিছে চৰকাৰে ।
উল্লেখ্য যে এই সংর্ঘষ হোৱাৰ পিছত ৩ মে’ত প্ৰথমবাৰৰ বাবে বাতিল কৰা হৈছিল ইন্টাৰনেট সেৱা। তেতিয়াৰ পৰা সময়ে সময়ে ইয়াৰ ম্যাদ বৃদ্ধি কৰা দেখা গৈছে l
মেইটেই আৰু কুকিসকলৰ মাজত হোৱা এই সংঘৰ্ষৰ ফলত বৰ্তমান পৰ্যন্ত প্ৰায় ১২০ জন লোক নিহত হোৱাৰ লগতে ৩০০০ ৰো অধিক লোক আহত হৈছে। ইয়াৰোপৰি গৃহহীন হৈছে বহুতো লোক l