ডিজিটেল ডেস্কঃসোণাই সমষ্টিৰ অসম গণ পৰিষদৰ প্ৰাক্তন বিধায়ক আনোৱাৰ হুছেইন লস্কৰৰ মৃত্যু ।সোমবাৰে নিশা হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় সোণাই সমষ্টিৰ প্ৰাক্তন বিধায়ক গৰাকীৰ।১৯৯৬ চনত অসম গণ পৰিষদৰ পৰা সমৰ্থিত প্ৰাৰ্থী হিচাপে প্ৰথম বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হয়।পুণৰ তেওঁ দ্বিতীয়বাৰৰ বাবে ২০০১ চনত অসম গণ পৰিষদ দলটোৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়।যদিও পৰবৰ্তী সময়ত তেওঁ অসম গণ পৰিষদ দলটো ত্যাগ কৰি সমাজবাদী পাৰ্টীত যোগদান কৰে।প্ৰাক্তন বিধায়কগৰাকীৰ মৃত্যুত সমগ্ৰ শিলচৰ আৰু কাছাৰ জিলাত শোকৰ ছাঁ বিৰাজ কৰিছে।