গুৱাহাটী,৯ জুলাইঃশুক্ৰবাৰে সন্ধিয়া ৫.৩০ বজাত জম্মু-কাশ্মীৰত,অমৰনাথ গুহাৰ ওচৰত ডাৱৰ বিস্ফোৰণৰ ধাৰাসাৰ বৰষুণ, প্ৰবল ধলত উটি গ’ল তীৰ্থযাত্ৰীৰ অস্থায়ী আবাস ,১৫জন লোক নিহত লগতে বহুলোক সন্ধানহীন হৈ আছে।
বিস্ফোৰণৰ সময়ত উপস্থিত আছিল ১০/১৫ হাজাৰ জন ভক্তগণ ।
এই ঘটনাৰ পিছতেই সমসাময়িক ভাৱে বন্ধ কৰি দিয়া হৈছে অমৰনাথ যাত্ৰা।
লগতে এনডিআৰএফৰ মুৰব্বী অতুল কাৰৱালে জনাই যে অমৰনাথ গুহাৰ তলৰ অংশত সন্ধিয়া প্ৰায় ৫.৩০ বজাত ডাৱৰ বিস্ফোৰণৰ খবৰ পোৱা গৈছিল। আমাৰ এটা দল গুহাৰ ওচৰত অৱস্থিত, সেই দলটো তৎক্ষণাৎ উদ্ধাৰ অভিযানত জড়িত হৈ পৰিছিল।
ঘটনাটোৰ পিছত, প্ৰশাসনে হেল্প লাইন নম্বৰ জাৰী কৰিছে। এই নম্বৰসমূহ হৈছে 01942496240, 01942313149
ইয়াৰ উপৰিও, শ্ৰী অমৰনাথ যাত্ৰা ২০২২ লৈ যোৱা তীৰ্থযাত্ৰীসকলৰ বাবে টোল ফ্ৰী নম্বৰ জাৰী কৰা হৈছে। 18001807198 (জম্মু), 18001807199 (শ্ৰীনগৰ)। দিল্লীস্থিত এনডিআৰএফ নম্বৰ 011-23438252 011-23438253, কাশ্মীৰ বিভাগীয় হেল্পলাইন 0194-2496240, শ্ৰাইন বোৰ্ড হেল্পলাইন নম্বৰ 0194-2313149