লক্ষীমপুৰ সমষ্টিৰ ক্ষতিগ্ৰস্ত মথাউৰি পৰিদৰ্শন  মন্ত্ৰী পীয়ুষ হাজৰিকাৰ,কিন্তু কেতিয়া সমাধান হব এইসমূহ সমস্যা ? বান সৰ্বস্ৰান্ত সাধাৰণ জনতা

Share

ডিজিটেল ডেস্কঃতিনিদিনীয়া ভ্ৰমণ কাৰ্যসূচীলৈ বুধবাৰে বৰাক উপত্যকাত উপস্থিত হয় ৰাজ্যৰ জলসম্পদ মন্ত্ৰী তথা জনসংযোগ মন্ত্ৰী পীয়ুষ হাজৰিকা।শণিবাৰে বৰাক উপত্যকাত তৃতীয় দিনা কাছাৰ জিলাৰ লক্ষীমপুৰ সমষ্টিৰ নদীয়ে ভঙা মথাউৰী পৰিদৰ্শন কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই। মথাউৰি  পৰিদৰ্শন কৰাৰ সময়ত বেটুকান্দি মথাউৰিৰ কাম ঠিকমতেই কৰা হৈছিল কিন্তু মথাউৰীৰ কাম কৰা পঞ্চাশ মিটাৰ মান দূৰত কটা অংশৰে পানী প্ৰৱেশ কৰি শিলচৰত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে যাৰ বাবে মই দুখিত বুলি সাংবাদিকৰ আগত মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। লগতে বেটুকান্দি অঞ্চলৰ বৰাক নদীৰ মথাউৰী কটাৰ সৈতে জড়িত সকলো লোককে শাস্তি প্ৰদান কৰা হব বুলি মন্তব্য দিয়ে মন্ত্ৰীগৰাকীয়ে।

একেলগে লক্ষীমপুৰ সমষ্টিৰ অন্তৰ্গত গংগাপুৰ, বাঁশকান্দি, চন্দ্ৰপুৰ অঞ্চলত বৰাক  নদীয়ে সৃষ্টি কৰা খহনীয়াও পৰিদৰ্শন কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই।পৰিদৰ্শন কৰাৰ সময়ত জলসম্পদ বিভাগৰ অভিযন্তা সকলৰ সৈতে এই খহনীয়াৰ প্ৰতিৰোধ সন্দৰ্ভত আলোচনা কৰি প্ৰতিৰোধৰ পৰিকল্পনা প্ৰস্তুত কৰাৰ নিৰ্দেশ দিয়ে মন্ত্ৰী পীয়ুষ হাজৰিকাই।আনহাতে,অসম মণিপুৰ সীমাৰ জিৰি নদীয়ে জিৰিবাম অঞ্চলত হোৱা সহনীয়া পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে।পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে লক্ষীমপুৰৰ  বিধায়ক কৌশিক ৰায়, কাছাৰ জিলাৰ উপায়ুক্ত ৰোহণ কুমাৰ ঝা,জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা বৰচিং ৰংপি আৰু কাৰ্যবাহী অভিযন্তা আবু ইউছুফ মোহম্মদ কে জামাম।

Leave a Reply

Your email address will not be published. Required fields are marked *