উত্তৰ-পুৰ্বাঞ্চললৈ আহি আছে ‘মোকা’ ঘূৰ্ণীবতাহ

Share

‘মোকা’ সাগৰীয়  ঘূৰ্ণী বতাহৰ ফলত  উত্তৰ -পুবত , অহা কেইদিনমানৰ ভিতৰত প্ৰবল বতাহ -বৰষুণ হোৱাৰ সম্ভাৱনা বিৰাজ কৰিছে  আৰু এই ‘মোকা’ ঘূৰ্ণীবতাহৰ  ৰূপ অতিকৈ ভয়ংকৰ হব পাৰে বুলি এক তথ্য মতে পোৱা গৈছে । এই বতাহ  বাংলাদেশ আৰু ম্যানমাৰৰ ফালে ঘণ্টাত ১৩৫কিলোম্টাৰ বেগত যোৱাৰ সম্ভাৱনা আছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আই এমডিয়ে  বৃহস্পতিবাৰে এই তথ্য প্ৰদান কৰে ।

আই এমডি ৰ শেহতীয়া তথ্যমতে সন্ধিয়া ৫.৩০ বজাত এই ঘুৰ্ণীবতাহ দক্ষিণ-পুব বংগোপসাগৰৰ ওপৰেৰে,পোৰ্টব্লেয়াৰৰ পৰা প্ৰায় ৫২০ কিলোমিটাৰ পশ্চিমে আৰু  কক্সবজাৰৰ পৰা ১১০০ কিলোমিটাৰ দক্ষিণ- দক্ষিণ -পশ্চিম থাকিব। অহা দেওবাৰলৈ এই ঘূৰ্ণীবতাহৰ প্ৰকোপ যথেষ্ঠ বাঢ়িব বুলি আশা কৰা হৈছে আৰু  ইয়াৰ    প্ৰকোপ  প্ৰতিঘণ্টাত  ১৭৫ কিলোমিটাৰ বেগত অহাৰ সম্ভাৱনা আছে ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে  দাতিকাষৰীয়া ঠাইসমুহত  সতৰ্কবাণী জাৰি  কৰা হৈছে । জানিব পৰা মতে এই বতাহৰ প্ৰভাৱ উত্তৰ-পুৰ্বাঞ্চলতো কম – বেছি পৰিমানে পৰিব বুলি অনুমান কৰা হৈছে। লগতে উত্তৰ-পুবৰ দুখন ৰাজ্য ত্ৰিপুৰা আৰু মিজোৰামতো  বৃষ্টিপাতৰ পৰিমাণ অধিক হোৱৰ আশংকা আছে । ইয়াৰ উপৰিও অসম, ,নাগালেণ্ড,মণিপুৰতো অধিক বৰষুণ হোৱাৰ সম্ভাবনা প্ৰকাশ কৰিছে  ।

Leave a Reply

Your email address will not be published. Required fields are marked *