আহি আছে কাল ঘূৰ্ণী বতাহ ‘ডানা ‘ অসমৰ ১৪খন জিলাত য়েলো এলাৰ্ট জাৰি

Share

বংগোপ সাগৰত গভীৰ নিম্ন চাপৰ ফলত উৎপত্তি হোৱা ডানাই লৈছে ভয়ংকৰ ৰূপ। বৃহস্পতিবাৰে নিশা পশ্চিম বংগ আৰু ওড়িশাৰ উপকূলত খুন্দা মাৰি অসমৰ দিশে প্ৰৱেশ কৰিব ঘূৰ্নীবতাহ ডানাই । ইয়াৰ মাজতে অসমৰ ১৪ খন জিলাৰ বাবে বতৰ বিজ্ঞান বিভাগে য়ালো এলাৰ্ট জাৰি কৰিছে। বংগোপ সাগৰত উৎপত্তি হোৱা ডানাই ইতিমধ্যে লৈছে ভয়ংকৰ ৰূপ। ২৪ অক্টোবৰ তাৰিখৰ পৰা ২৫ অক্টোবৰ পুৱাৰ ভাগলৈ সাগৰীয় ঘূৰ্নীবতাহ ডানাই প্ৰতি ঘণ্টাত ১২০ কিলোমিটাৰ বেগেৰে ওড়িশাৰ পুৰি আৰু পশ্চিম বংগৰ সাগৰ দ্বীপৰ মাজত কোবাই যাব পাৰে।কালিৰ পৰা অসমৰ বিভিন্ন অঞ্চলৰ বতৰ ডাৱৰীয়া হোৱা দেখা হৈছে। আজিও বহু জিলাত আৰম্ভ হৈছে পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণ। ইয়াৰ ক্ষেত্ৰত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী।আজি গুৱাহাটীকে ধৰি ১৪ খন জিলাৰ বাবে বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে য়ালো এলাৰ্ট। জিলা কেইখন ক্ৰমে ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, পশ্চিম কাৰ্বি আংলং, হোজাই, কাৰ্বি আংলং, ডিমা হাচাও ,কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ। পৰা অসমৰ বিভিন্ন অঞ্চলৰ বতৰ ডাৱৰীয়া হোৱা দেখা হৈছে। আজিও বহু জিলাত আৰম্ভ হৈছে পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণ। ইয়াৰ ক্ষেত্ৰত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী।

Leave a Reply

Your email address will not be published. Required fields are marked *