শীঘেই ঘুৰাই পাব ছাহাৰা ইণ্ডিয়াত জমা কৰা ধন গ্ৰাহকে

Share

ছাহাৰা ইণ্ডিয়াত ধন জমা থোৱা গ্ৰাহকৰ বাবে ভাল খবৰ। শীঘ্ৰেই ঘুৰাই পাব ছাহাৰা ইণ্ডিয়াত জমা থোৱা ধন গ্ৰাহকে। মংগলবাৰে নতুন দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত এই কথা ঘোষণা কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে।  বিগত কেইবছৰৰ আগতে গ্ৰাহকসকলে সাঁচতীয়া টকা জমা ৰখাৰ ক্ষেত্ৰত ভাৰতীয় ষ্টেট বেংক, ডাকঘৰ আদিৰ সমান্তৰালভাৱে  ছাহাৰা ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানটোত উপাৰ্জনৰ একাংশ টকা জমা ৰাখিছিল। অসমকে ধৰি দেশৰ বহু সংখ্যকলোকে ছাহাৰা ইণ্ডিয়াত ভৱিষ্যতৰ বাবে সাঁচতীয়া ধন জমা কৰিছিল।

কিন্তু ২০০৯ চনত এক বিতৰ্কত সাঙোৰ খোৱাৰ পিছতেই বন্ধ হৈ পৰিছিল উক্ত ছাহাৰা ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানটো। যাৰ বাবে দেশৰ লাখ লাখ সাধাৰণ জনতাই  সাঁচি ৰখা টকা উভতাই পোৱা নাছিল । সুদীৰ্ঘ ১৩ বছৰৰ পাছত  ছাহাৰাত জমা ৰখা টকা গ্ৰাহকক উভতাই দিয়াৰ লক্ষ্যৰে ছাহাৰা ৰিফাণ্ড শীৰ্ষক এক পৰ্টেলৰ মুকলি কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। এই পৰ্টেলত বৰ্তমান প্ৰায় ১ কোটি ৬০ লাখ মানুহে আবেদন কৰিব পাৰিব আৰু এইসকলৰ সম্পূৰ্ণ ধন উভতাই দিয়া হ’ব। 

উল্লেখ্য যে, দেশৰ উচ্চতম ন্যায়ালয়ে ছাহাৰা ইণ্ডিয়াক বিনিয়োগকাৰীৰ টকা পৰিশোধ কৰিবলৈ দিয়া ৰায়দানৰ পাছতেই এই ক্ষেত্ৰত গ্ৰাহকৰ সুবিধাৰৰ্থে কেন্দ্ৰীয় চৰকাৰে এই পৰ্টেলৰ ব্যৱস্থা কৰিছে। আনহাতে, ছাহাৰাৰ টকা উভতাই দিয়া প্ৰক্ৰিয়া সমাপ্ত হ’লেই পুনৰ উচ্চতম ন্যায়ালয়ে অন্যান্য কৰ্পৰেট খণ্ড তথা প্ৰতিষ্ঠানত দেশৰ একাংশ জনতাই  উভতাই নোপোৱা ধন উভতাই দিয়াৰ ব্যৱস্থা কৰাৰ কথাও উল্লেখ কৰে গৃহমন্ত্ৰীগৰাকীয়ে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *