জি’অ ৰ টেলিকম সেৱা ব্যৱহাৰ কৰি থকা গ্ৰাহকসকললৈ সুখবৰ

Share

নতুন বছৰৰ প্ৰাকক্ষনত মুকেশ আম্বানী মালিকাধীন টেলিকম কোম্পানী জি’অই গ্ৰাহকসকলৰ বাবে এক আকৰ্ষনীয় প্লেন আগবঢাইছে। JIO ৰ এই ৰিচাৰ্জ প্লেনৰ দাম মাত্ৰ ৬০১ টকা। এই প্লেনৰ জৰিয়তে জি’অৰ গ্ৰাহকসকললৈ এবছৰলৈ আনলিমিটেড 5G ডাটা লাভ কৰিব। উল্লেখ্য যে এই প্লেনৰ সুবিধা লাভ কৰাৰ বাবে এক বিশেষ চৰ্তও আৰোপ কৰিছে কোম্পানীটোৱে। সেই চৰ্ত অনুসৰি এই ৬০১ টকীয়া প্লেনৰ দ্বাৰা আনলিমিটেড 5G ডাটাৰ সুবিধা লাভ কৰিবলৈ হ’লে ইতেমধ্যেই জি’অৰ ৰিচাৰ্জ প্লেন থাকিব লাগিব।পূৰ্বৰে পৰা সক্ৰিয় হৈ থকা এই প্লেন প্ৰতিদিনে কমেও ১.৫ জিবি বা তাতকৈ অধিক ডাটা প্ৰদান কৰা ১৯৯ টকা,২৩৯ টকা, ২৯৯ টকা আৰু তাৰ ওপৰৰ সকলো প্লেনৰ সৈতে ৬০১ প্লেনৰ সুবিধা লাভ কৰিব পাৰিব। ৬০১ টকীয়া প্লেন ক্ৰয়ৰ পিছত ১২ টা ভাউচাৰ পাব। এই ভাউচাৰসমুহ MY JIO APP ত লাভ কৰিব। ভাউচাৰ ৰিডিম কৰাৰ পিছত আপুনি সীমাহীন 5G ডাটাৰ সুবিধা উপভোগ কৰিব পাৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *