অসমৰ বিৰোধী বিধায়কৰ ক্ৰছ ভোটিং, কিয় হাৰিলে যশৱন্ত সিনহা ? কিয় কংগ্ৰেছৰ বিধায়কে বিৰোধী প্ৰাৰ্থীক ভোট দিলে ?

Share

নিউজ ডেস্কঃ অসমৰ বিৰোধী বিধায়কৰ ক্ৰছ ভোটিং। মুৰ্মুৱে অসমৰ পৰা পালে মুঠ ১০৪ টা ভোট । ৰাজ্যৰ বিৰোধী দলৰ বিধায়কে ভোট দিলে এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মক। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোট গণণাৰ সময়ত ৰাজ্যৰ কংগ্ৰেছৰ মুঠ ২২ জন বিৰোধী দলৰ বিধায়কে এন ডি এৰ প্ৰাৰ্থীগৰাকীক ভোট দিয়ে। কিন্তু কিয় কংগ্ৰেছৰ বিধায়কে বিৰোধী প্ৰাৰ্থীক ভোট দিলে ? নিজৰ দলকে বিশ্বাসঘাতকতা কৰা এই বিধায়ক সকল কোন দলৰ ? কংগ্ৰেছ, এ আই ইউ ডি এফ, ৰাইজৰ দল নে চি পি এমৰ ?

উল্লেখ্য যে অসমত এন ডি এৰ মুঠ বিধায়কৰ সংখ্যা ৭৯ জন। ইয়াৰে ৬৩ জন বিজেপিৰ, অগপৰ ৯ জন আৰু ইউ পি পি এলৰ ৭ জন বিধায়ক আছে। আনহাতে বিজেপিৰ মিত্ৰজোঁটত আছে বি পি এফ। বি পি এফৰ তিনিজন বিধায়কেও ভোট দিছিল এন ডি এৰ প্ৰাৰ্থীগৰাকীক। সেই অনুসৰি দ্ৰৌপদী মুৰ্মৱে অসমৰ মুঠ ৮২ জন বিধায়কৰ ভোট লাভ কৰিছে । কিন্তু ভোট গণণাত মুৰ্মৱে অসমৰ পৰা মুঠ ১০৪ টা ভোট লাভ কৰিছে। 

ইফালে বিৰোধী দল কংগ্ৰেৰ বিধায়ক সংখ্যা হ’ল ২৭ জন। ইয়াৰে তিনিজন নিলম্বিত এ আই ইউ ডি  এফৰ ১৫ জন বিধায়ক আছিল যদিও দুজনে ভোট দিয়া নাছিল। আনহাতে বিধান সভাত চি পি এমৰ  এজন  আৰু ৰাইজৰ দলৰ  এজন বিধায়ক আছে । ইয়াকে  ধৰি  বিৰোধী মুঠ ৪২ জন বিধায়কে  ভোট দিছিল। কিন্তু ভোট গণণাত যশৱন্ত  সিনহাই অসমৰ বিৰোধী শিবিৰৰ পৰা মাত্ৰ ২০ টা ভোট লাভ কৰিলে । বাকী ২২ জন বিৰোধী শিবিৰৰ বিধায়কে ক্ৰছ ভোটিংৰ দ্বাৰা দ্ৰৌপদী মুৰ্মক জয়ী কৰালে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *