এন আৰ চিৰ নামত কোটি টকা অপব্যয়

Share

কেগৰ প্ৰতিবেদন অনুসৰি এন আৰ চিৰ উন্নীতকৰণ প্ৰক্ৰিয়াৰ সময়ত ছফটৱেৰ,জেনেৰেটৰ,চুক্তিৰ নামত তৃতীয় পক্ষৰ পৰামৰ্শদাতা নিয়োগ,তথ্য-পাতিৰ গোপনীয় সৰবৰাহৰ দৰে নানা অনিয়ম আৰু বিত্তীয় কেলেংকাৰী তথ্য পোহৰলৈ আনিছে উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত।

ভাৰতৰ মহাপঞ্জীয়কে এন আৰ চিৰ নামত কেৱল ২৮৮.১৮ কোটি টকাহে অনুমোদন জনাইছিল আৰু ২০১৯ চনত ইয়াৰ পৰিমাণ বৃদ্ধি হয়গৈ ১৬০২.৬৬ কোটি টকা।আনহাতে,ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ে এন আৰ চিৰ নামত সৰ্বমুঠ ১৫৭.৭৮ কোটি টকা ব্যয় কৰে।

কেগৰ সহায়ত এন আৰ চিৰ বিত্তীয় অনিয়ম ধৰা পৰাৰ ফলত এতিয়া প্ৰশ্ন হয় এই বৃহ९ অংকৰ কেলেংকাৰী সন্দৰ্ভত কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰিবনে চৰকাৰে?এই কেলেংকাৰী সময়ত এন আৰ চিৰ ৰাজ্যিক সমন্বয়ৰক্ষীৰ দায়িত্বত আছিল প্ৰতীক হাজিল।এই কেলেংকাৰী সন্দৰ্ভত কেগে প্ৰতিবেদন দাখিল কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

উল্লেখযোগ্য যে কেৱল বিত্তীয় কেলেংকাৰীয়েই নহয় বৰং ছফটৱেৰ আৰু লিগেচী ডাটা বিসংগতিৰ বাবে তথ্য অদল-বদল কৰা হোৱাৰ লগতে সমগ্ৰ উন্নীতকৰণ প্ৰক্ৰিয়াটোৱেই বিসংগতিপূৰ্ণ হ’ব বুলি আশংকা কৰিছে কেগে।

Leave a Reply

Your email address will not be published. Required fields are marked *