কংগ্ৰেছ সাংসদৰ পৰা জব্দ কোটি টকা

Share
গুৱাহাটী, ১৩ ডিচেম্বৰ: কংগ্ৰেছ সাংসদ ধীৰাজ চাহুৰ পৰিয়ালৰ ব্যৱসায়ত জড়িত কেইবাটাও ঠাইত কঠোৰ অভিযান চলোৱাৰ ফলত আয়কৰ বিভাগে  জব্দ কৰিলে  ৩৫০ কোটি টকা ।এই ধনৰ পৰিমাণ আৰু বৃদ্ধি  হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ বিৰুদ্ধে বিজেপিয়েও ইতিমধ্যে তীব্ৰ প্ৰতিবাদ সাৱস্ত্য কৰি আহিছে বুলি জানিব পৰা  গৈছে ।কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছৰ নেতা পি .চিদম্বৰমে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, মই জীৱনত ৩৫০ কোটি টকা দেখা নাই ।আপোনালোকে যদি প্ৰশ্ন কৰে ৩৫০ কোটিত  কিমানটা শূন্য আছে বুলি তেন্তে মই গণিব লাগিব। লগতে কংগ্ৰেছ নেতাজনে কয় যে ,এই ধনৰ লগত কংগ্ৰছৰ কোনো সম্পৰ্ক নাই ।
এগৰাকী সাংসদৰ পৰিয়ালৰ মালিকত্বধীন ডিষ্টিলৰী কোম্পানীৰ বিৰুদ্ধে চলোৱা অভিযানতহে জব্দ হৈছে টকা।তেওঁ কয় যে ,আমি কেৱল দল চলাও আৰু ৰাজনৈতিক উদ্দেশ্যৰ বাবে দলৰ সদস্য থাকে ।  কিন্তু আমি এইবোৰ কথাত গুৰুত্ব কেতিয়াও গুৰুত্ব নিদিও যে এজন ব্যক্তিৰ ব্যৱসায় আছে।উল্লেখ যে, কংগ্ৰেছ সাংসদ  ধীৰাজ চাহূৰ সুৰাৰ ব্যৱসায় আছে  আৰু আয়কৰ বিভাগৰ এই কঠোৰ অভিযান বৌদ্ধ ডিষ্ঠিলাৰী প্ৰাইভেট লিমিটেডৰ লগত  সম্পৰ্কিত ।জানিব পৰা মতে ধীৰাজ চাহুৰ পৰিয়ালৰ লোকো এই ব্যৱসায়ত জড়িত আছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *