মহাৰাষ্ট্ৰৰ বিদ্ৰোহী বিধায়কৰ বাবে কোটিটকীয়া ৰাজআতিৰ্থ্য়

Share

গুৱাহাটী, ২৪ জুনঃ সমগ্ৰ দেশৰে এতিয়া দৃষ্টি নিবদ্ধ হৈছে গুৱাহাটীৰ ৰেডিছন ব্লোত। কিয়নো ৰেডিছন ব্লোতে মহাৰাষ্ট্ৰৰ চৰকাৰ ভঙা-পতা অংক আৰম্ভ হৈছে। এতিয়া গুৱাহাটীৰ ৰেডিছন ব্লো হৈ পৰিছে মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ অভিকেন্দ্ৰ। 

মহাৰাষ্ট্ৰৰ বিদ্ৰোহী বিধায়কৰ বাবে কোটিটকীয়া ৰাজআতিৰ্থ্য়। ৭ দিনৰ  বাবে ৭০ টা ৰুম বুক বিসম্বাদী বিধায়কসকলৰ বাবে। চৰ্চালৈ আহিছে ৰেডিছন ব্লোৰ অত্য়াধিক খৰচৰ প্ৰসংগ  কেৱল ৰুমৰ বাবদ প্ৰায় ৫৬ লাখ টকা খৰচ। খোৱাৰ লগতে অন্য়ান্য় সা-সুবিধাৰ বাবে প্ৰতিদিনে ৮ লাখ টকাকৈ খৰচ। ৭ দিনত সৰ্বমুঠ খৰচ প্ৰায় ১ কোটি ১২ লাখ টকা। ইয়াৰ লগতে আছে ছাৰ্টাৰ্ড ফ্লাইট, গাড়ীৰ খৰচ।

Leave a Reply

Your email address will not be published. Required fields are marked *