গুৱাহাটী, ২নৱেম্বৰঃ সন্দিকৈ মহাবিদ্যালয়ত শিক্ষাৰ্থী আৰু কৰ্মচাৰীসকলৰ মাজত কৰ’ণা সংক্ৰমিত হোৱা বুলি পৰিলক্ষিত হোৱাৰ পাছতে জিলা প্ৰশাসনে মহাবিদ্যালয়খনক মাইক্ৰ’ কন্টেইনমেন্ট জোন হিচাপে ঘোষণা কৰে । ফলশ্রুতিত মহাবিদ্যালয়ৰ পাঠদানো এসপ্তাহৰ বাবে অৰ্থাৎ ১ ডিচেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈ স্থগিত ৰখা হয় কিন্তু অনলাইন ক্লাচৰ জৰিয়তে বাহাল ৰাখিবলৈ নিৰ্দেশ দিয়ে । লগতে মহাবিদ্যালয়ৰ অধ্যক্ষ উৎপল দত্তই কলেজ চৌহদৰ ভিতৰত যিকোনো ব্যক্তি আৰু বাহনৰ চলাচল নিষিদ্ধ বুলি জাননীত ঘোষণা কৰে ।
“ইয়াৰ পৰিপ্ৰেক্ষিতত, পৰৱৰ্তী জাননী নোপোৱালৈকে স্থগিত ৰখা অধিসূচনাপ্ৰাপ্ত ম্যাদৰ অধিৱেশনপৰীক্ষাৰ বাবে সকলো শাৰীৰিক শ্ৰেণী স্থগিত ৰখা হৈছে। সকলো বিভাগক তেওঁলোকৰ শ্ৰেণীসমূহ অনলাইনস্থানান্তৰ কৰিবলৈ কোৱা হয়,” অধ্যক্ষই জাননীখনত কয়।