অনালি শৰ্মা
নতুন দিল্লী,২৫জুলাই : ভাৰতত অহা ছেপ্টেম্বৰ পৰা শিশু সকলৰ টিকাকৰণ আৰম্ভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালন ডা: ৰণদীপ গুলেৰিয়াই এই কথা প্ৰকাশ কৰাৰ লগতে অহা আগষ্ট অথবা চেপ্তেম্বৰত তিনিটা কোম্পানীৰ ভেকচিনে অনুমতি লাভ কৰাৰ কথাও জনায় । উল্লেখ্য যে এই ভেকচিনে শিশু সকলক সংক্ৰমণৰ পৰা ৰক্ষা কৰাৰ লগতে সংক্ৰমণৰ যি শৃংখল তাকো ধ্বংস কৰিব বুলি তেওঁ মত প্ৰকাশ কৰা হৈছে । জয়ডাছ কেডিলাৰ ভেকচিনৰ পৰীক্ষা সম্পূৰ্ণ হৈছে মাথোঁ অপেক্ষা এতিয়া জৰুৰী ব্যৱহাৰৰ অনুমতিৰ বাবে । লগতে ভাৰত বায়’টেকৰ কভেক্সিনৰ পৰীক্ষাও ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি আশা কৰিব পাৰি । তদুপৰি ফাইজাৰৰ ভেকচিন আমেৰিকাৰ ফুড এণ্ড ড্ৰাগ এডমিনিষ্টেশ্যনে ইতিমধ্যে অনুমোদন জনাইছে বুলিও তেওঁ জানিবলৈ দিয়ে । এই তিনিটা ভেকচিনৰ কথা ডা: গুলেৰিয়াই অৱগত কৰি ছেপ্টেম্বৰত শিশুৰ টিকাকৰণ হ’ব বুলি আশা প্ৰকাশ কৰিছে ।