বুধবাৰে মণিপুৰৰ দুগৰাকী মহিলাক দলবদ্ধভাৱে ধৰ্ষণ কৰি উলংগ কৰি পেৰেড কৰাৰ এক আচৰিত ভিডিঅ’ পোহৰলৈ আহিছে। যি ভিডিঅ’টোৱে সমগ্ৰ দেশবাসীক স্তম্ভিত কৰি তুলিছে। নাৰী নিৰ্যাতনৰ এনে দুৰ্ভগীয়া ঘটনা সংঘটিত হোৱাত দেশজুৰি ক্ষোভৰ সৃষ্টি হৈছে।
মণিপুৰ কাণ্ডৰ সন্দৰ্ভত ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে এক বিবৃতি প্ৰদান কৰি চৰকাৰক তাৎক্ষণিক ব্যৱস্থা ল’বলৈ আহ্বান জনায়। মুখ্য ন্যায়াধীশগৰাকীয়ে চৰকাৰক কঠোৰ সিদ্ধান্তত উপনীত হ’ব দিছে। যদি চৰকাৰে তৎক্ষণাৎ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰিব বুলি সৰ্তক কৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে।
উল্লেখ্যযোগ্য যে, সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰাকমুহুৰ্তত বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাইৰেল হোৱা ভিডিঅ’টোৰ সংবাদ মাধ্যমৰ প্ৰসংগত বক্তব্য ৰাখে। বিবৃতিত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক মহিলা আৰু শিশুসকলৰ সুৰক্ষা আৰু নিৰাপত্তাক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায়।
প্ৰধানমন্ত্ৰীয়ে লগতে গুৰুত্ব আৰোপ কৰে যে কোনো ধৰণৰ আপোচ অবিহনে ন্যায় প্ৰদান কৰা হ’ব, কিয়নো আইনখনে সম্পূৰ্ণ শক্তিৰে ইয়াৰ পথ গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক অপৰাধীসকলক কঠোৰ শাস্তি প্ৰদান কৰাৰ ঘোষণা কৰে।
ইফালে, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এই উদ্বেগজনক ঘটনাক লৈ গভীৰ ক্ষোভ আৰু নিন্দা প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত প্ৰচাৰিত এই লজ্জানিত আচৰিত ভিডিঅ’টোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সিঙে টুইটাৰযোগে পীড়িতসকলৰ প্ৰতি আন্তৰিক সমবেদনা প্ৰকাশ কৰে আৰু অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে।