আজি গঠন হ’ব কৃষ্ণজন্মভূমি বিষয়ক কোৰ্ট কমিচন

Share

গুৱাহাটী,১৮ ডিচেম্বৰঃ আজি গঠন কৰা হ’ব কৃষ্ণজন্মভূমি জৰীপৰ কোৰ্ট কমিচন। এলাহবাদ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশানুশৰী গঠন হ’ব এই  কোৰ্ট কমিচন। ছাহী ঈদগাহ মছজিদত জৰীপ চলাবলৈ বিশেষভাৱে  গঠন কৰা হ’ব এই কোৰ্ট কমিচন। অধিবক্তা বিষ্ণু শংকৰ জৈনৰ মন্তব্যানুসৰি এলাহবাদ উচ্চ ন্যায়ালয়ে এই ক্ষেত্ৰত দিয়া নিৰ্দেশৰ বিৰুদ্ধে মছজিদ কতৃপক্ষই উচ্চতম ন্যায়ালয়ত দিয়া গোচৰ মহামান্য উচ্চতম ন্যায়ালয়ে খাৰিজ কৰাৰ পিছতে কাৰ্যকৰী কৰা হয় এলাহবাদ উচ্চ ন্যায়ালয়ৰ  এই নিৰ্দেশ।

            উল্লেখযোগ্য যে,উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি জৰীপটো পৰিচালনা কৰিবলৈ তিনিজন অধিবক্তা আয়ুক্তক নিয়োগ কৰা হ’ব। তাৰোপৰি ইয়াৰ পদ্ধতিগত দিশ সমূহ চূড়ান্ত কৰাৰ বাবে শুনানিৰ পৰৱৰ্তী তাৰিখ হ’ব  ১৮ ডিচেম্বৰ।এলাহবাদ উচ্চ ন্যায়ালয়ত দিয়া এই বিষয়ক আৱেদনখন অধিবক্তা হৰি শংকৰ জৈন, বিষ্ণু শংকৰ জৈন, প্ৰভাষ পাণ্ডে আৰু দৈৱকী নন্দনৰ জৰিয়তে মহামান্য উচ্চ ন্যায়ালয়ত  দাখিল কৰা হৈছিল আৰু দাবী কৰা হৈছিল যে ভগৱান শ্ৰীকৃষ্ণৰ জন্মস্থান মছজিদৰ তলতে আছে। এই আৱেদনখনত উল্লেখ কৰা হৈছে যে,ছাহী ঈদগাহ মছজিদত এনে বহু লক্ষণ আছে যিয়ে প্ৰমাণ কৰে যে মছজিদটো এসময়ত হিন্দু মন্দিৰ আছিল ।তাৰোপৰি পদুমাকৃতিৰ স্তম্ভ এটাৰ এই মছজিদত অৱস্থিতিৰ বিষয়েও আৱেদনখনত উল্লেখ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *