দেশৰ গৌৰৱ, খেলুৱৈ সকল আজি ৰাজপথত। দেশৰ একাংশ খেলুৱৈয়ে দিল্লীৰ যন্তৰ-মন্তৰত প্ৰতিবাদ সাৱ্যস্ত কৰি আছে। অলিম্পিক পদক লাভ কৰি দেশলৈ সুনাম কঢ়িয়াই অনা খেলুৱৈ সকলে আজি ন্যায়ৰ বাবে হাহাকাৰ কৰিছে। মৌন আছে কেন্দ্ৰ চৰকাৰ । এই খেলুৱৈ সকলে নেৰানেপেৰা বৰষুণকো নেওচি প্ৰতিবাদ কৰি গৈছে। এই প্ৰতিবাদত অংশ লৈছে বজৰং পুনিয়া,বিনিছ ফোগটকে আদি কৰি দেশৰ আগশাৰীৰ খেলুৱৈ সকলে।
বিজেপি সাংসদ তথা মল্লযুদ্ধ সংস্থাৰ সভাপতি ব্ৰীজভূষণ সিঙৰ বিৰুদ্ধে যৌন উৎপীড়নৰ অভিযোগ তুলি দেশৰ বহু কেইগৰাকী শীৰ্ষ মল্লযোদ্ধাই প্ৰতিবাদত বহিছিল| কিন্তু আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল ব্ৰীজভূৃষণৰ বিৰুদ্ধে যাৰ বাবে প্ৰতিবাদ শাম কটাৰ নাম লোৱা নাই।
নিৰৱ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, নিৰৱ কেন্দ্ৰীয় চৰকাৰ। অধ্যক্ষ যোগিন্দৰ সিং উগ্ৰহনৰ নেতৃত্বত ৭ মে’ত পঞ্জাৱৰ হাজাৰ হাজাৰ মহিলা খেলুৱৈসকলক সমৰ্থন কৰিবলৈ যন্তৰ মন্তৰত উপস্থিত হ’ব।।
সেই খেলুৱৈ সকলৰ মাজত আছিল ৱিনিছ ফোগাট, বজৰং পুনিয়াৰ দৰে অলিম্পিক পদকধাৰীও। ইয়াৰ মাজতে জনসাধাৰণক বজৰং পুনিয়াই অনুৰোধ জনাইছে – “আমি আমাৰ দেশৰ গৌৰৱৰ বাবে যুঁজ দিছিলো। আজি আমি আপোনাৰ চেম্পিয়নসকলৰ সুৰক্ষা আৰু মৰ্যাদাৰ বাবে যুঁজি আছো। অনুগ্ৰহ কৰি আমাৰ সৈতে যোগ দিয়ক!”
উল্লেখযোগ্য যে, দিল্লী কেন্দ্ৰীয় শাসিত অঞ্চল হোৱাৰ বাবেই ৰাজ্য চৰকাৰৰ দিল্লী আৰক্ষীৰ ওপৰত কোনো ধৰণৰ কৰ্তৃত্ব নাই | কেন্দ্ৰীয় চৰকাৰ নিৰ্দেশত হে পদক্ষেপ গ্ৰহণ কৰে দিল্লী আৰক্ষীয়ে | গতিকে পৰৱৰ্তী সময়ত চৰকাৰে কি পদক্ষেপ লয় সেয়া হব লক্ষণীয়।