আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিৰুৱন্তপুৰম ৰে’ল ষ্টেচনত কেৰালাৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে ।এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীকে ধৰি কেৰালাৰ মুখ্যমন্ত্ৰী, কেৰালৰ ৰাজ্যপাল তথা কংগ্ৰেছৰ সাংসদ শশী থাৰুও উপস্থিত থাকে। ৰেলখনে তিৰুৱন্তপুৰম, কোল্লাম, কোট্টায়াম, এৰ্নাকুলহাম, ত্ৰিচুৰ, পানাক্কাড, পাথানামথিট্টা, মালাপ্পুৰম, কোজিকোড, কান্নুৰ আৰু কাচাৰাগোডৰ দৰে ১১ খন জিলাক সামৰি ল’ব।
উল্লেখ্য যে, বন্দে ভাৰত এক্সপ্ৰেছ স্বদেশী ভাৱে নিৰ্মিত, অৰ্ধ-উচ্চ গতিৰ, স্ব- চালিত এক ৰে’ল ছেট। এই ৰে’লখনত অত্যাধুনিক যাত্ৰীৰ বাবে সা- সুবিধাৰো ব্যৱস্থা কৰা হৈছে।যাতে যাত্ৰীসকলে দ্ৰুত, অধিক আৰামদায়ক আৰু অধিক সুবিধাজনকভাৱে ভ্ৰমণৰ অভিজ্ঞতা লাভ কৰিব পাৰে।
ইয়াৰ লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে ডিণ্ডিগুল-পালানি-পালাক্কাড শাখাৰ ৰে’ল বৈদ্যুতিকৰণো উদ্বোধন কৰে। আনহাতে তিৰুৱন্তপুৰমত স্থাপন কৰা দেশৰ প্ৰথমখন ডিজিটেল বিজ্ঞান উদ্যান প্ৰকল্পটোৰ মুঠ ব্যয় হৈছে ১ হাজাৰ ৫১৫ কোটি টকা।
ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে দেশৰ প্ৰথমথন ৱাটাৰ মেট্ৰ’ সেৱাও উদ্বোধন কৰে।এই পোৰ্ট চিটি কোচিত নিৰ্মিত ৱাটাৰ মেট্ৰ’ই কেোচি চহৰক কাষৰীয়া ১০ টা দ্বীপৰ সৈতে সংযোগ কৰা হ’ব।আৰম্ভণিতে ইয়াৰ সেৱা সীমিত কৰা হোৱাৰ লগতে এই সেৱা সস্তা আৰু সুলভজনক হ’ব।