ৰাজনীতিৰ প্ৰতি ধাৱমান যুৱ-সমাজ ! ক্ৰমাত ৰাজনীতিৰ প্ৰতি আকৃষ্ট হৈছে নেকি যুৱ-সমাজ ? কিয়নো কিছুদিন পূৰ্বেই কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক অভিষেক মহন্তই বিজেপিত ষোগদান কৰা কাৰ্য্যক লৈ কটন বিশ্ববিদ্যালয়ৰ চৌহদত তীব্ৰ প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছিল । কিন্তু তাৰ পাছতে আজি আকৌ কটন বিশ্ববিদ্যালয়ৰে ছাত্ৰ একতা সভাৰ সভাপতি নিয়ৰ ডেকাৰ সৈতে প্ৰায় ৫০ গৰাকী শিক্ষাৰ্থীৰ লগতে কটনৰ প্ৰাক্তন সভাপতি হিৰকজ্যোতি পাটোৱাৰীয়েও আজি যোগদান কৰিলে বিজেপিত । পিযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত যোগদান কৰে এইসকল শিক্ষাৰ্থীয়ে ।
তদুপৰি বহুকেইগৰাকী শিক্ষাৰ্থীয়ে মন্তব্য কৰা অনুসৰি তেওঁলোক ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ প্ৰতি আকৃষ্ট হৈয়ে যোগদান কৰিছে বিজেপিত । আনহাতে , বিজেপিত যোগদান কৰা কাৰ্য্যক লৈ কটনৰ ছাত্ৰ একতা সভাৰ সভাপতি নিয়ৰ ডেকাই কয় যে – ‘প্ৰথম কথা ৰাইজৰ পক্ষত থকাৰ সিদ্ধান্ত লৈ ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাত যোগদান কৰাৰ সিদ্ধান্ত ল’লোঁ । আৰু প্ৰথম প্ৰতিক্ৰিয়া ৰাইজৰ বাবে কাম কৰি যোৱাৰ চেষ্টা কৰিম , নিজৰ কটনখনৰ বাবে কাম কৰি যোৱাৰ চেষ্টা কৰিম’ ।