দুৰ্নীতিয়ে ছানি ধৰিছে মৰিগাঁও জিলাৰ যোগান বিভাগৰ অধীনস্থ গাগলমাৰী সমবায় সমিতি

Share

মৰিগাঁও জিলাৰ মায়ঙৰ গাগলমাৰী সমবায় সমিতিৰ এজেন্ট নুৰ ইছলামৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতি আৰু অনিয়ম কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ দীৰ্ঘদিন ধৰি একাংশ উপভোক্তাক এজেন্ট নুৰ ইছলামৰ কৰ্ম-কাণ্ডই অতিষ্ঠ কৰিছে ৷ জানিব পৰা মতে প্ৰায় ৪৫ জন দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আচনিৰ অধীনত নিয়মিত চাউল যোগানৰ পৰা বঞ্চিত ৷যাৰ ফলত কিছুসংখ্যক লোকে নুৰ ইছলামৰ পৰা ফালৰি কাটি আব্দুল ৰেজেক নামৰ এজন এজেন্টৰ কাষ চাপিছে । নুৰ ইছলামৰ বিৰুদ্ধে একাংশ লোকে  ইজনৰ কাৰ্ড সিজনক টকা লৈ বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰে ৷আনকি নুৰ ইছলামে সেই কাৰ্ডবোৰ অবৈধ ভাৱে জব্দ কৰি থোৱা বুলিও অভিযোগ উত্থাপন কৰে ৷ইতিমধ্যে মৰিগাঁও ফৌজদাৰী আদালতত নুৰ ইছলামৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷ এই গোচৰটোত আৰক্ষীৰ তথা যোগান বিভাগৰ ফালৰ পৰা বিশেষ কোনো সঁহাৰি নোপোৱাত নুৰ ইছলামৰ বিৰুদ্ধে ৰাইজ জাঙুৰ খাই উঠিছে ৷   

Leave a Reply

Your email address will not be published. Required fields are marked *