২০২৮ৰ ভিতৰত সম্পূৰ্ণ হ’ব ধুবুৰী-ফুলবাৰী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য

Share

২০২৮ চনৰ অক্টোবৰ মাহৰ ভিতৰত সম্পূৰ্ণ হব ধুবুৰী-ফুলবাৰী সংযোগী দলংখন।  ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিয়মাণ দলঙৰ নিৰ্মাণকাৰ্য ৫৩.২৭% আগবাঢ়িছে। এই দলংখনে সচল কৰি তুলিব পশ্চিমবংগ আৰু অসমৰ যাতায়াত ব্যৱস্থা। বৃহস্পতিবাৰে সদনৰ মজিয়াত হোৱা প্ৰশ্নোত্তৰৰ সময়ত, ধুবুৰীৰ সাংসদ ৰকিবুল হুচেইনৰ এক প্ৰশ্নৰ উত্তৰত পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই তথ্য দাঙি ধৰে। বিভাগীয় মন্ত্ৰী গৰাকীয়ে দলং নিৰ্মাণকাৰী সংস্থাৰ লগত হোৱা চুক্তিমৰ্মে সদনত মজিয়াত এই তথ্য উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে এই কথাও উল্লেখ কৰে যে নিৰ্মাণকাৰ্যৰ ব্যপকতা তথা নিৰ্মাণৰ বাবে উপযোগী বতৰৰ ওপৰতো নিৰ্মাণকাৰ্য নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ হ’ব নে নাই সেয়া নিৰ্ভৰ কৰে। আনহাতে অসমত চলি থকা ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ নিৰ্মাণৰ দায়িত্ব ৰাজ্যৰ লোকনিৰ্মাণ বিভাগক দিয়া হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ৰাজ্য বহু স্থানৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু দলঙৰ নিৰ্মাণ কাৰ্য বৰ্তমানো সম্পূৰ্ণ নোহোৱা কামসমূহ ২০২৮ৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি বিভাগীয় মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *