ভুৱা শিক্ষানুষ্ঠান খুলি জীৱন ধ্বংস কৰাৰ ষড়যন্ত্ৰ

Share
গুৱাহাটী মহানগৰীত ভুৱা শিক্ষানুষ্ঠান খুলি জীৱন অন্ধকাৰ কৰাৰ ষড়যন্ত্ৰ। বৰ্তমানো পলাতক অৱস্থাত আছে ধাৰাপুৰস্থিত AJ Group of institute ৰ স্বত্বাধিকাৰী তথা অধ্যক্ষ আব্দুল জব্বৰ । বৰ্তমানো পলাতক অৱস্থাত আব্দুল জব্বৰ পাঁচদিন উকলি যোৱাৰ পিছতো কোনোধৰণৰ সো – সুত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে ।
উল্লেখ্য যে , নামভৰ্তিৰ নামত প্ৰায় যাৱতীয় নথি – পত্ৰ নোহোৱাকৈ ডেৰৰ পৰা দুই লাখ টকালৈ চলি আছিল AJ Group of institute ।২০২০ ৰ লকডাউনৰ সময়তে বহুতো মিছা প্ৰলোভনেৰে আনকি ছাত্ৰ-ছাত্ৰীক বেংগালুৰুৰ তিনিখন শিক্ষানুষ্ঠানত BSC নাৰ্ছিং , ডি – ফাৰ্ম আৰু GNM পৰীক্ষাৰ বাবে লৈ গৈছিল । কিন্তু বেংগালুৰুৰ শিক্ষানুষ্ঠানখনে এই ছাত্ৰ – ছাত্ৰীসকলক পৰীক্ষাত বহিবলৈ দিয়া নাছিল । কাৰণ , AJ Group of institute ৰ নাছিল কোনো অনুজ্ঞাপত্ৰ । গুৱাহাটীলৈ উভতি আহি ছাত্ৰ-ছাত্ৰী সকলে এই সমস্যা সন্মুখীনৰ বাবে আজাৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত ইমানুল হক চিকদাৰ আৰু ইলিয়াছ হাছানক আটক কৰে । এই পৰ্যন্ত আটক কৰিব সক্ষম হোৱা নাই জব্বৰক । যাৰ বাবে শিক্ষানুষ্ঠানখনৰ ছাত্ৰ – ছাত্ৰীসকলে এতিয়া প্ৰতিবাদত বহিছে । ঘটনাটোৰ উচিত তদন্ত কৰিবলৈ ছাত্ৰ – ছত্ৰীসকলে আহ্বান জনায় মুখ্যমন্ত্ৰী আৰু আৰক্ষীক । লগতে এনেদৰে শিক্ষাৰ্থীসকলৰ জীৱনক লৈ হেতালি খেলা আব্দুল জব্বৰক উচিত শাস্তিৰ দাবী কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *