পুনৰ মুখ্যমন্ত্ৰী হ’ব কনৰাড চাংমা

Share

অৱশেষত অৱসান ঘটিল মেঘালয় চৰকাৰ গঠনক লৈ চলি থকা অনিশ্চয়তা। মেঘালয়ত চৰকাৰ পুনৰ গঠন কৰিব কনৰাড চাংমাৰ এন পি পি দলে। মংগলবাৰে মেঘালয়ত নতুন চৰকাৰে ল’ব শপত গ্ৰহণ। কনৰাড চাংমাৰ চৰকাৰ পুনৰ গঠনৰ বাবে সমৰ্থন আগবঢ়ালে ইউ ডি পি আৰু পি ডি এফ দলে। ইউ ডি পি আৰু পি ডি এফ দলে এন পি পি দলক দেওবাৰে সমৰ্থন আগবঢ়োৱাৰ পাছতেই চৰকাৰ গঠনৰ পথ প্ৰশস্ত হ’ল কনৰাড চাংমাৰ। মুঠ ৪৫ গৰাকী বিধায়কক লৈ চৰকাৰ গঠন কৰিব কনৰাড চাংমাৰ এন পি পি দলে। 

উল্লেখ্যযোগ্য যে, ২ মাৰ্চত ঘোষণা হোৱা মেঘালয় বিধানসভা নিৰ্বাচনৰ ফলাফলত ২৬ খন আসন লাভ কৰিছিল এন পি পি দলে। কিন্তু ২৬ খন আসন চৰকাৰ গঠনৰ বাবে পৰ্যাপ্ত নাছিল। আনহাতে কোনো এটা দলেও চৰকাৰ গঠন কৰিব পৰাকৈ সংখ্যাগৰিষ্ঠতা লাভ কৰা নাছিল। যাৰবাবে ৰাজ্যখনত কোনে চৰকাৰ গঠন কৰিব তাকে লৈ অব্যাহত আছিল উৎকণ্ঠা।

Leave a Reply

Your email address will not be published. Required fields are marked *