বিজেপিৰ কাৰ্যসূচীত অংশ লোৱাৰ অপৰাধত অসম প্ৰদেশ কংগ্ৰেছে নিলম্বন কৰিছে ২ জনকৈ কংগ্ৰেছী নেতাক। নিলম্বন কৰা হৈছে আইনাল হক চৌধুৰী সভাপতি আছিল গোৱালপাৰাৰ মাটিয়া ব্লক কংগ্রেছৰ আৰু আফ্ৰৰুজা বেগমক সভানেত্রী আছিল গোৱালপাৰা জিলা মহিলা কংগ্রেছৰ। মঙলবাৰে গুৱাহাটীস্থিত অসম প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰা এক নিলম্বন নিৰ্দেশনাৰ যোগে এই কথা সদৰি কৰা হয়। সেই নিৰ্দেশনাত উল্লেখ থকামতে, যি সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে কটু মন্তব্য কৰিছে, বিজেপি নেতাই কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ ফটো বিকৃতকৰণ কৰি তেখেতক ৰাৱনৰ অৱতাৰ বুলি প্ৰচাৰ কৰিছে।
সেই সময়ত উক্ত নেতা দ্বয় বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত চলি থকা এই জনসংযোগ কাৰ্যসূচীত যোগদান কৰি দলৰ সন্মান লাগৱ কৰিছে। নেতা দ্বয়ৰ এনে কাৰ্যই দলৰ অন্য কৰ্মকৰ্তাসকলকো ধ্যান ভংগ কৰিছে। গতিকে, অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰাৰ নিৰ্দেশত নেতা দ্বয়ক তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে।