গ্ৰেপ্তাৰ হ’ল কংগ্ৰেছী বিধায়ক আফতাব উদ্দীন মোল্লা

Share

এক আপত্তিজনক সাম্প্ৰদায়িক মন্তব্য কৰি গ্ৰেপ্তাৰ হ’ল জলেশ্বৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক আফতাব উদ্দিন মোল্লা ৷ জানিব পৰামতে এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি হিন্দু ধৰ্মক ব্যভিচাৰি আৰু নামঘৰীয়াক ধৰ্ষণকাৰী বুলি কৰা এক বিৰুপ মন্তব্যৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে বিভিন্ন প্ৰতিক্ৰিয়াৰ ৷ বিধায়কগৰাকীৰ এনে সাম্প্ৰদায়ীক মন্তব্যৰ পাছতেই ৰাজ্যৰ বিভিন্ন দল-সংগঠন আদিৰ লগতে বিভিন্নজন ব্যক্তিয়েও ৰাজ্যৰ বিভিন্ন প্ৰান্তত থানাই থানাই বিধায়কগৰাকীক গ্ৰেপ্তাৰৰ বাবে এজাহাৰ দাখিল কৰে ৷ইয়াৰ উপৰি দিছপুৰ থানাতো বিধায়কজনৰ বিৰুদ্ধে ভেটাপাৰৰ দীপক কুমাৰ দাস নামৰ লোকজনে দাখিল কৰিছিল এখন এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে নিজাকৈ এটা গোচৰ ৰুজু কৰি মঙলবাৰে নিশা দিশপুৰ আৰক্ষীয়ে বিধায়ক আৱাখৰ পৰা বিতৰ্কিত বিধায়ক আফতাব উদ্দীন মোল্লাক গ্ৰেপ্তাৰ কৰে ৷ জানিব পৰামতে বৰ্তমান গুৱাহাটীৰ পূৱ আৰক্ষী জিলাৰ ডি চি পিৰ কাৰ্যালয়ত আৰক্ষীয়ে বিধায়কগৰাকীক সোধা-পোচা অব্যাহত ৰাখিছে ৷ তথ্যমতে,জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাব উদ্দীন মোল্লা কংগ্ৰেছ দলৰো ৰোষত পৰিছে । দলৰ ফালৰ পৰাও বিধায়কগৰাকীক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *