প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীৰ

Share

১৩ ডিচেম্বৰত সংঘটিত হোৱা সংসদ ভৱনৰ নিৰাপত্তা ভংগৰ ঘটনা সন্দৰ্ভত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা লোকসভাৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কঠোৰ সমালোচনা কৰে। সংসদৰ নিৰাপত্তা ভংগ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীয়ে সদনত বিবৃতি প্ৰকাশ কৰাৰ দাবী জনাই কংগ্ৰেছৰ নেতাগৰাকীয়ে মোডীক কটাক্ষ কৰি কয় যে, দেশক নিৰাপত্তাৰ নিশ্চয়তা দিয়া ব্যক্তিজন এতিয়া জনসাধাৰণৰ বাবে অশান্তিৰ সৃষ্টিৰ আন এক বিষয় হৈ পৰিছে। চৌধুৰীয়ে কয়,”পৃথিৱীৰ যিকোনো ঠাইতে যেতিয়াই কিবা এটা ঘটে তেতিয়াই প্ৰধানমন্ত্ৰীয়ে ‘X’ত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। কিন্তু সংসদৰ নিৰাপত্তা ভংগ কাণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ তেওঁ চাৰিদিন সময় লৈছিল। কিন্তু ইয়াৰ বিপৰীতে তেওঁ পিছদিনাই আহি জনসাধাৰণক চিন্তা নকৰিবলৈ আশ্বাস দিব লাগিছিল।” ইয়াৰ লগতে চৌধুৰীয়ে কয় যে,” ‘মোডী হায় তু মুমকিন হায়’ সলনি কৰি ‘মোডী হায় তু মুছকিল হায়’ কৰিব লাগে ।”

আনহাতে ইয়াৰ পূৰ্বেই দেওবাৰে মোডীয়ে নিৰাপত্তা ভংগৰ গুৰুত্বক তুচ্ছজ্ঞান কৰিব নোৱাৰি বুলি মন্তব্য কৰি এই সম্পৰ্কে কোনোধৰণৰ বিবাদ নকৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছিল। ইয়াৰ উপৰিও মোডীয়ে কয় যে, এই ঘটনাৰ তদন্ত কৰাৰ বাবে তদন্তকাৰী সংস্থাসমূহে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । 

Leave a Reply

Your email address will not be published. Required fields are marked *