মল্লযুদ্ধা বিনেশ ফোগাটে আনুষ্ঠানিক ভাৱে কংগ্ৰেছত যোগদান কৰাৰ পিছত প্ৰতিদ্বন্দিতা কৰিব হাৰিয়ানা বিধানসভা নিৰ্বাচনত। কংগ্ৰেছে বিনেশ ফোগাটক হাৰিয়ানাৰ জুলানা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে টিকট প্ৰদান কৰিছে। দিল্লীত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেক সাক্ষাত কৰাৰ পিছতে কংগ্ৰছত যোগদান বিনেশ ফোগাটৰ টিকট নিশ্চিত হয় যদিও আন এগৰাকী মল্লযুজাঁৰু বজৰং পুনিয়াক টিকট নিশ্চিত হোৱা নাই। জানিব পৰা মতে এইবাৰ নিৰ্বাচন প্ৰতিদ্বন্দিতা নকৰে বজৰং পুনিয়াই কিন্তু পুনিয়াক দলত যোগদান কৰাৰ লগে লগেই উচিত সন্মান প্ৰদান কৰিছে কংগ্ৰেছে। তেওঁক দিলে সৰ্বভাৰতীয় কিষন কংগ্ৰেছৰ কাৰ্যকৰী অধ্যক্ষৰ দায়িত্ব। উল্লেখ্য যে, অহা ৫ অক্টোবৰত হাৰিয়ানা বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনত বিনেশ ফোগাট কংগ্ৰেছৰ প্ৰাৰ্থী হোৱাৰ সম্ভৱনা পূৰ্বৰে পৰা আছিল। শুক্ৰবাৰে কংগ্ৰেছত যোগদান কৰাৰ পূৰ্বে ৰেল’ৱেৰ চাকৰিৰ পৰা পদত্যাগ কৰিছে। পেৰিছ অলিম্পিকত ফাইনেলত স্বপ্নভংগ হৈছিল বিনেশ ফোগাটৰ। জোখতকৈ ওজন বৃদ্ধি পোৱাৰ বাবে তেওঁক অযোগ্য ঘোষনা কৰা হৈছিল। অৱশ্যে তেওঁক দেশত উপস্থিত হোৱাৰ ললে ললেই চেম্পিয়নৰ দৰেই সন্মান প্ৰদান কৰিছিল মল্লযুজাৰুক অনুৰাগী সকলে।