কৃষি সামগ্ৰী ব্যৱসায়ীৰ ১৫ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি

Share

ফাৰমিনা আহমেদ ৫ অক্টোৱৰঃ ৰাজ্যিক কৃষি বিভাগ আৰু অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ যুটীয়া উদ্যোগত তথা কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ তত্বাৱধানত কৃষি সামগ্ৰী ব্যৱসায়ীৰ ১৫ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী সফল সামৰণি পৰে।কাৰ্যসূচীৰ সামৰণি অনুস্থানটি পৌৰাহিত্য কৰি কেন্দ্ৰটিৰ মূৰব্বী ডঃ নিৰঞ্জন ডেকাই এই প্ৰশিক্ষণৰ দ্বাৰা কৃষি সামগ্ৰী ব্যৱসায়ী সকলক জ্ঞান দিয়াৰ লগতে বিভিন্ন কৃষি প্ৰযুক্তিৰ পৰামৰ্শ প্ৰদান কৰি কৃষক সকলৰ উত্তম কৃষি কাৰ্যত সহায়ক হব বুলি মন্তব্য প্ৰদান কৰে।কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ ভূমি বিজ্ঞানী দীপেন চন্দ্ৰ, শস্য বিজ্ঞানী ডঃ বন্তি গগৈকে প্ৰমুখ্য কৰি কেন্দ্ৰটিৰ সকলো বিজ্ঞানীৰ উপস্থিতিত অনুষ্ঠিত প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানটিত ২৫ গৰাকী কৃষি সামগ্ৰী ব্যৱসায়িক মানপত্ৰ প্ৰদান কৰে

Leave a Reply

Your email address will not be published. Required fields are marked *