দেশত পুনৰ বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য

Share

নৱবৰ্ষৰ পহিলা দিনটোৰ পৰাই বৃদ্ধি পালে বাণিজ্যিক ৰন্ধন গেছৰ দাম। এতিয়াৰে পৰা প্ৰতিটো বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য হৈছে ১,৭৬৯ টকা । তেল বিপণন কোম্পানীসমূহে ২০২৩ চনৰ প্ৰথম দিনটোৰ পৰা কাৰ্যকৰী হোৱাকৈ গ্ৰহণ কৰে এই সিদ্ধান্ত।

এতিয়াৰে পৰা দিল্লীত ১৯ কেজিৰ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ১৭২১ টকা, মুম্বাইত ১৭২১ টকা, কলকাতাত ১৮৭০ টকা আৰু চেন্নাইত ১৯৭১ টকা। এই দামবৃদ্ধিৰ লগে লগে দেশ জুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অৱশ্যে ঘৰুৱা চিলিণ্ডাৰৰ মূল্যৰ কোনো সাল-সলনি হোৱা নাই। ইফালে কংগ্ৰেছ দলে মোডী চৰকাৰে দেশবাসীক নতুন বছৰৰ উপহাৰ হিচাপে ৰন্ধন গেছৰ দাম বৃদ্ধি কৰা বুলি মন্তব্য কৰিছে। কংগ্ৰেছ দলৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা টুইট কৰি কয়, “নতুন বছৰৰ প্ৰথম উপহাৰ। বাণিজ্যিক গেছ চিলিণ্ডাৰ ২৫ টকা ব্যয়বহুল হৈ পৰিল।”

Leave a Reply

Your email address will not be published. Required fields are marked *