APDCL ৰ নিযুক্তি পৰীক্ষা কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ তদন্তঃ গুৱাহাটী বিশ্ব বিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ আদৰণি

Share

ডিম্পুমণি হীৰা , ২৮ ছেপ্তেম্বৰঃ APDCLৰ নিযুক্তি পৰীক্ষাত হোৱা বৃহত কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই গুৱাহাটী বিশ্ববিদ্যালয়ত যোৱা কিছুদিন পুৰ্বে এক বিশেষ অভিযান চলাইছিল। উল্লেখ্য যে APDCL নিযুক্তি পৰীক্ষাৰ বহী মুল্যায়নৰ দায়িত্ব অৰ্পণ কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ক।

ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ আশাত চেঁচা পানী দি APDCL য়ে এই নিযুক্তি পৰীক্ষাত কৰিছিল এক ভয়ংকৰ কেলেংকাৰী। যাৰ ফলত আজি পৰ্যন্তও ঘোষণা নহল এই নিযুক্তি পৰীক্ষাৰ ফলাফল। অৱশেষত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ  নিৰ্দেশত, মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই গুৱাহাটী বিশ্ববিদ্যালয়ত চলায় অভিযান। এই অভিযানৰ শলাগ লয় গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাই। লগতে কয় দুৰ্নীতিমুক্ত ব্যৱস্থাৰ স্বাৰ্থত আমি সদায়ে সম্ভবপৰ সকলো দিশৰ পৰা সহায় কৰিবলৈ প্ৰস্তুত। কিন্তু এই দুৰ্নীতিত জড়িত নোহোৱা ব্যক্তিক অনুসন্ধানৰ নামত যাতে মানসিকভাবে হাৰাশাস্তি নিদিয়ে তাৰবাবে সংশ্লিষ্ট সকলোলৈ বিনম্ৰভাৱে অনুৰোধ জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *