অসমীয়া সংজ্ঞাৰ ওপৰত মুখ্যমন্ত্রীৰ গুৰুত্বপূৰ্ণ মন্তব্য

Share
গুৱাহাটী,৩০ মাৰ্চঃ অসম বিধানসভাৰ বাজেট অধিৱেশন চলি থটাৰ সময়তে  বুধবাৰে অসমীয়া সংজ্ঞাৰ সন্দৰ্ভত হয় পুনৰ আলোচনা ।বিধানসভাৰ মজিয়াতে উথাপন হয় বিভিন্ন প্রশ্ন । বিধানসভাত ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে প্রশ্ন উথাপন কৰিছে যে ,অসম চুক্তি অনুসৰি অসমীয়া কোন? তদুপৰি প্রাক্তন অধ্যক্ষ প্রয়াত প্রণৱ গগৈয়ে আলোচনাৰ ভিত্তিত প্রতিবেদন দিছিল ।আৰু সেই প্রতিবেদনখন চাই যদি মূখ্যমন্ত্রীয়ে সংজ্ঞা নিৰূপন কৰিব পাৰে নেকি বুলি প্রশ্ন উথাপন কৰিছে অগপৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই ।
আৰু এই প্রসংগত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য কৰি এনেদৰে কয় যে —”অসম চুক্তিৰ ৬নং দফাৰ ভিত্তিত অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰা হ’ব ।বাকী সমস্যাবোৰৰ দৰে অগ্ৰাধিকাৰ  ৰ ভিত্তিত অসমীয়াৰো সংজ্ঞা নিৰ্ধাৰণ কৰা হ’ব । আবেগিকভাৱে যিয়ে অসমক ‘মা’ বুলি ভাৱে সেইসকলেই অসমীয়া । এতিয়া প্রশ্ন উথাপন হৈছে ৬নং দফা মতে অসমীয়াৰ সংজ্ঞা হ’ব লাগে ।আবেগিকভাৱে আমি সকলো অসমীয়া ,ইয়াত কোনোধৰণৰ বিতৰ্ক নাই । কিন্তু ৬নং দফা মতে এতিয়া নিৰ্ধাৰণ কৰিবলৈ প্রচেষ্টা অব্যাহত ৰাখিছে ।”

Leave a Reply

Your email address will not be published. Required fields are marked *