গুৱাহাটী,১৭ ফেব্ৰুৱাৰী: অসমত কেঞ্চাৰ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে খ্যাতিমান উদ্যোগপতি ৰতন টাটাক মুম্বাইৰ হোটেল তাজৰ মেউছত অনুষ্ঠিত এক অনুষ্ঠানত আনুষ্ঠানিক ভাৱে ৰটন টাটাক ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰথমটো অসম বৈভৱ বঁটা ৰতন টাটাক প্ৰদান কৰে মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই৷উল্লেখ্য যে যোৱা ২৪ জানুৱাৰীত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত বঁটা বিতৰণী অনুষ্ঠানত স্বাস্থ্যজনিত কাৰণত উপস্থিত থাকিব পৰা নাছিল ৰতন টাটা। লগতে মুখ্যমন্ত্ৰীজনে কয় যে টাটা গ্ৰুপে দেশৰ অৰ্থনীতি তথা সমাজ জীৱনলৈ অনৱদ্য অৱদান আগবঢ়াই আহিছে৷ ৰাষ্ট্ৰই সদায়েই টাটা গ্ৰুপৰ অৱদানক গৌৰবেৰে সোৱৰণ কৰে৷