স্বচ্ছ আৰু নিকা প্ৰশাসন গঢ়াৰ উদ্দেশ্য উপায়ুক্তসকলৰ সৈতে বৈঠক মুখ্যমন্ত্রীৰ

Share
৫ এপ্ৰিল, গুৱাহাটীঃ আজি ৰাজ্যৰ উপায়ুক্তসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্রহণ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। খানাপাৰাৰ প্ৰশাসনিক মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে এই বৈঠক। উক্ত বৈঠকত ৰাজ্যৰ ৩৩ খন জিলাৰ উপায়ুক্ত উপস্থিত থকাৰ লগতে ৰাজ্য প্ৰশাসনৰ বহুকেইগৰাকী শীর্ষ বিষয়া উপস্থিত আছে। পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা এই বৈঠক নিশা ৮-৪৫ বজা পৰ্যন্ত চলিব বুলি জানিব পৰা গৈছে। স্বচ্ছ আৰু নিকা বৈঠক গঢ়াৰ উদ্দেশ্য আগত ৰাখি অনুষ্ঠিত কৰা হৈছে এই বৈঠক। 
উল্লেখ্যযোগ্য যে, ইয়াৰ পূর্বে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই জিলাৰ আৰক্ষী অধীক্ষকৰ সৈতে আলোচনাত মিলিত হৈছিল। তাৰপূৰ্বে ৰাজ্যৰ প্ৰতিখন আৰক্ষী বিষয়াসকলৰ সৈতেও বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা। 

Leave a Reply

Your email address will not be published. Required fields are marked *