নিউজ ডেস্ক,২১ জুলাইঃ বকোৰ ভালুকঘাটাত নিৰ্মাণ কৰা হৈছে সৌৰশক্তি প্ৰকল্প। ২৫ মেগাৱট শক্তিসম্পন্ন এই সৌৰশক্তি প্ৰকল্পটো।২০ জুলাই তাৰিখে বকো সৌৰশক্তি প্ৰকল্পৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । প্ৰকল্পটো উদ্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ” জলবায়ু পৰিৱৰ্তন আজি এক বিশ্বজনীন সমস্যা হিচাপে চিহ্নিত হৈছে। গেছ,কয়লা ইত্যাদি উৎসৰ পৰা শক্তি উৎপাদন , পেট্ৰল, ডিজেল চালিত যান-বাহনৰ ফলত কাৰ্বন নিগৰ্মন বৃদ্ধি পাইছে। আনহাতে গছ-গছনিৰ ধবংসৰ ফলত বায়ুম়ণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়িছে।ই সূৰ্য আৰু পৃথিৱীৰ মাজৰ আৱৰণ ধবংস কৰিছে। ফলত বায়ুম়ণ্ডলৰ উত্তাপ বৃ্দ্ধি পাইছে।জলবায়ু পৰিৱৰ্তন ৰোধৰ বাবে মানুহে এখন বিশ্বযুদ্ধ ঘোষণা কৰিব লাগিব”। লগতে তেওঁ কয় যে,বিশ্বত জলবায়ু পৰিৱৰ্তন ৰোধৰ দিশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেতৃত্ব লৈছে।
উল্লেখ্য যে এই সৌৰশক্তি প্ৰকল্পৰ জৰিয়তে প্ৰায় ৬৫ হাজাৰ গ্ৰাহকক সামৰি লোৱা হব।মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে আমগুৰিত ৭০ মেগাৱট,ওদালগুৰিত ২৫ মেগাৱত আৰু বকোত ২৫ মেগাৱত সৌৰশক্তি উৎপাদন প্ৰকল্প আৰম্ভ কৰা হৈছে।