মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিলে অৰুণোদয় ২.০ আঁচনি

Share

আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে অৰুণোদয় ২.০ আঁচনি।নতুন দিল্লীৰ পৰা ভাৰ্ছুৱেলী শুভাৰম্ভ কৰিলে অৰুণোদয় ২.০ আঁচনি। অৰুণোদয়ে ৰাজ্যৰ  মহিলাসকলক সকাহ দিয়াৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে অৰুণোদয় ২.০ মুকলি কৰাৰ সিদ্ধান্ত লৈছে। এই আঁচনিখন ২০২০-২১ বৰ্ষৰ ৰাজ্যিক বাজেটত ঘোষণা কৰা অষ্টাদশ মুকুতাৰ উন্নয়নী মালাৰ ভিতৰত অন্যতম অগ্ৰণী উদ্যম হিচাপে পৰিগণিত হয়। অৰুণোদয় ২.০ অধীনত সামৰি লোৱা হৈছে ১০.৫০ লাখ নতুন হিতাধিকাৰীক।হিতাধীকাৰীৰ মুঠ সংখ্যা ২৭.৭৭ লাখলৈ বৃদ্ধি পাইছে।এইবাৰৰ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হব পুৰুষৰ লগতে তৃতীয় লিংগ, দিব্যাংগসকল, বিধৱা পেঞ্চন লগতে বিবাহ বিচ্ছেদ হোৱা লোক সকলেও লাভ কৰিব অৰুণোদয়ৰ ধন।ইয়াৰ উপৰিও ২,৭৫,৩০০ হিতাধিকাৰীৰ নাম আঁচনিৰ পৰা বাদ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *