টাই আহোম উন্নয়ন পৰিষদলৈ ১২৫ কোটি  টকা  ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে

Share

ছাদ্দাম হুছেইন,২৮ ছেপ্তেম্বৰঃ ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰে পৰাই সকলো জাতি-জনগোষ্ঠীৰ উন্নয়নৰ বাবে সমানে গুৰুত্ব আৰোপ কৰিছে। এই উদ্দেশ্যে যোৱাকালি খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত সতীৰ্থ বিভাগীয় মন্ত্ৰী ডঃ ৰণোজ পেগুৰ উপস্থিতিত এখন বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

টাই আহোম জনগোষ্ঠীৰ বিভিন্ন সমস্যা থকা বিষয় সমুহৰ ওপৰত আলোচনাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ এই বৈঠকত উপস্থিত থাকে সদৌ টাই আহোম ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ অসম, পুৰ্বাঞ্চল টাই সাহিত্য সভা, সদৌ অসম আহোম সভা, মোহন দেওধাই বাইলুং সন্মিলনৰ প্ৰতিনিধি সকল।

মহান চ্যুকাফাই প্ৰতিষ্ঠা কৰি যোৱা অসমৰ ভেটি অনুপ্ৰৱেশকাৰীৰ পৰা সুৰক্ষিত কৰি ৰাখিবৰ বাবে অসমৰ সকলো থলুৱা সম্প্ৰদায় ঐক্যৱদ্ধ হৈ থকাৰ কথা দোহাৰি এই বৈঠকত টাই আহোম জনগোষ্ঠীৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে গুৰুত্বপুৰ্ণ কেইটামান সিদ্ধান্ত লয়ঃ

(১) অসমৰ জনজাতীয় খন্ড আৰু বেল্টত টাই আহোমসকলৰ সুৰক্ষিত শ্ৰেণীৰ মৰ্যাদা দিয়াৰ লগতে টাই ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে ৰাজ্য চৰকাৰৰ দ্বাৰা টাই ভাষা শিক্ষণ কেন্দ্ৰ স্থাপন কৰিব।

(২)টাই আহোম উন্নয়ন পৰিষদলৈ ১২৫ কোটি টকা অহা ৩০ নৱেম্বৰৰ ভিতৰত মুকলি কৰি দিব ৰাজ্য চৰকাৰে।

(৩) যোৰহাটৰ চ্যুকাফা সমন্বয় ক্ষেত্ৰক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দুৰুপে গঢ় দিব। অহা দুই বছৰৰ ভিতৰত ইয়াৰ সকলো কাম সম্পুৰ্ণ কৰাৰ লগতে জয়সাগৰত এটা টাই সংগ্ৰহালয় আৰু শিৱসাগৰৰ ৰংঘৰ চৌহদত জয়মতী সংগ্ৰহালয় নিৰ্মাণৰ এক সিদ্ধান্ত লয়।

(৪) অসম দৰ্শন আঁচনিৰ অধীনত টাই আহোমসকলৰ সকলো উপাসনাস্থলী সংৰক্ষণ আৰু বিকশিত কৰিব আৰু দিছপুৰৰ জনতা ভৱনত চ্যুকাফাৰ এটা মুৰ্তিও নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *