মূখ্যমন্ত্ৰীৰ ঘোষণাঃ মূল্যবৃদ্ধি সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰৰ সৈতে অনুষ্ঠিত কৰা হব বৈঠক

Share
নিউজ ডেস্ক, ০৬ এপ্ৰিলঃ পেট্ৰল-ডিজেলকে ধৰি দৈনন্দিন ব্যৱহৃত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ জনতাক। প্ৰতিদিনে আকাশলংঘী মূল্য বৃদ্ধিৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হব লগাত পৰিছে ৰাজ্যবাসী। এনে মূল্যবৃদ্ধিৰ সময়ত বজাৰৰ বস্তুৰ আকাশলংঘী মূল্যবৃদ্ধি দেখি সাধাৰণ জনতাই হাৰাশাস্তিত ভোগা পৰিলক্ষিত হৈছে। ইফালে বিভিন্ন সময়ত ক্ৰমাৎ জনতাৰ ওপৰত ৰামটাঙোন শোধাই মূল্য বৃদ্ধিক লৈ শাসকীয় দলসমূহৰ নেতাই বহু সময়ত তুলুঙা মন্তব্য দি আহিছে।
তাৰ মাজতে মূল্যবৃদ্ধি সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি সন্দৰ্ভত ভাৰত চৰকাৰে চিন্তা – চৰ্চা কৰি আছে। আৰু লগতে তেওঁ কয় যে ভাৰত চৰকাৰৰ সৈতে মিলিহে সিদ্ধান্ত লব ৰাজ্য চৰকাৰে। লগতে ৰাজ্য চৰকাৰে অকলশৰীয়াকৈ লোৱা সিদ্ধান্তই জনসাধাৰণক সকাহ নিদিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। 

Leave a Reply

Your email address will not be published. Required fields are marked *