আজি ধেমাজিত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ৷ ধেমাজিত অনুষ্ঠিত হোৱা মিছন বসুন্ধৰা ২ ৰ ভূমি পট্টা বিতৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ২ হাজাৰ আবেদনকাৰীক ভূমি পট্টা দিয়াৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰীয়ে ৷ আজিৰ পৰাই সমগ্ৰ অসমতে আবেদনকাৰীসকলক ভূমি পট্টা দিয়াৰ ঘোষণা মুখ্যমন্ত্ৰীৰ ৷ প্ৰথমবাৰৰ বাবে ভূমি পট্টাখন ডিজিটেলভাৱে প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে । যদি ভৱিৎষ্যতে ভূমি পট্টাখন হেৰাই যায় তেতিয়া আপুনি অফিচলৈ নগৈ অনলাইনতে ডিজি লকাৰৰ সহায়ত নিজৰ ভূমি পট্টাখন উলিয়াব পাৰিব ৷ এই ব্যৱস্থা আজিৰ পৰাই আৰম্ভ কৰিব বুলি ঘোষণা ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৷ ধেমাজি জিলাৰ ৩৮ হাজাৰ পৰিয়ালে ধেমাজিতে মাটিৰ ম্যাদি পট্টা পাব বুলি ক’লে মুখ্যমন্ত্ৰীয়ে ৷ মাটি পট্টা পোৱাৰ পিছত কি লাভ হ’ব জনসাধাৰণৰ তাৰ বিষয়ে বিস্ততভাৱে ক’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ পিছত মিছন বসুন্ধৰা -৩ আৰম্ভ কৰাৰ কথা সদৰি কৰিলে ড০ শৰ্মাই ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয়, বসুন্ধৰা -৩ ত আমি এটা নতুন সিন্ধান্ত লৈছো যে মিছন বসুন্ধৰাত উপকৃত হ’বৰ কাৰণে ৩টা প্ৰজন্মৰ কাগজ লাগিছিল কিন্ত এইবাৰৰ পৰা ৩টা প্ৰজন্মৰ কাগজ নিবিচাৰি চাহ জনজাতি, আদিবাসী,জনজাতি,অনুসূচিত জনজাতি ,অবিচি আৰু গৰখাসকলক পোনে পোনে মাটি নিষ্পতি দিয়াৰ ব্যৱস্থা লম ৷ ইয়াৰ লগতে আজিৰ এই অনুষ্ঠানত ভূমি পট্টাৰ বাবে বহুমূলীয়া ভাষণ আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে ৷ এই অনুষ্ঠানত উপস্থিত থাকে লক্ষিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, কাৰ্বি-আংলং স্বায়িত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰমহাং, মিচিং স্বায়িত্ব শাসিত পৰিষদৰ চি এম পৰমানন্দ চায়েঙা,সোণোৱাল কচাৰী স্বায়িত্ব শাসিত পৰিষদৰ চিএম তংকেশ্বৰ সোণোৱাল, ডেউৰী অতনোমাষ্ট কাউনচিলৰ চি এম ভৈৰৱ ডেউৰী,ধেমাজিৰ ডেভলপমেন্ট অৰ্থৰিটিৰ চিয়াৰমেন্ট তুলণ কোৱৰ,লক্ষীধৰ সেনচোৱা,জিলা আয়ুক্তৰ লগতে স্থানীয় ৰাইজ ৷