মহানগৰীৰ ছেভ ভৰলু অভিযান মিছন আৰম্ভ

Share
নিবেদিতা ভৰালী
২৩ ছেপ্তেম্বৰ গুৱাহাটীঃ মহানগৰীৰ একাংশ অসচেতন লোকে ভৰলু নৈত পেলাই অহা আৱৰ্জনাৰ বাবে লাহে লাহে ভৰলু নদীৰ বুকু বাম হৈ পৰিছে। ভৰলুৰ পূৰ্ৱৰ ৰূপ ঘূৰাই পাবৰ বাবে মহানগৰীৰ কিছুমান সচেতন লোকে আৰম্ভ কৰিছে ছেভ ভৰলু মিছন । এই মিছনৰ প্ৰধান লক্ষ্য মহানগৰীত বসবাস কৰা লোকসকলৰ মাজত জনসচেতনতা বৃদ্ধি কৰি ভৰলু নৈখন পূৰ্ৱৰ অৱস্থালৈ ঘুৰাই অনা।
ছেভ ভৰলু মিছনৰ আহ্বায়ক ডাঃ ৰবীন মজুমদাৰ, অমিয়া কুমাৰ ডেকা, ৰবীন কলিতা, সীমাৰেখা দেৱী, গোবিন্দ প্ৰসাদ শৰ্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে বুধবাৰৰ গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি জনসাধাৰণক ভৰলু নৈখনক পৰিস্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবলৈ আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *