বন্ধ হ’ব দুহেজাৰ টকীয়া নোটৰ প্ৰচলন

Share

শুকুৰবাৰে, ১৯ মে’ত ভাৰতীয় ৰিজাৰ্ভ বেংকে এক জাননী প্ৰকাশ কৰি দেশত দুহেজাৰ টকীয়া নোটৰ প্ৰচলন প্ৰত্যাহাৰ কৰিছে। দুহেজাৰ টকাৰ নোট দেশত বন্ধ হলেও অহা প্ৰায় চাৰি মাহলৈকে  কেৱল আইনী নিবিদা হিচাপে থাকিব দুহেজাৰৰ নোট। দুহেজাৰৰ নোট প্ৰচলন  প্ৰত্যাহাৰ কৰা সিদ্ধান্তটো আৰ বি আইৰ ‘ক্লিন নোট পলিচী’ৰ অধীনত লোৱা হৈছে। অহা ৩০ ছেপ্তেম্বৰলৈকে বেংকত  দুহেজাৰ টকীয়া নোট জমা বা সলনি কৰি আন নোট গ্ৰহণ কৰিব পাৰিব। আৰ বি আইৰ জাননীত প্ৰকাশ পোৱা মতে ২৩ মে’ৰ পৰা এবাৰত কোনো লোকে ২০ হেজাৰ পৰ্যন্ত টকাৰ দুহেজাৰ টকীয়া নোট সলনি কৰিব পাৰিব। 

উল্লেখ্য যে, ২০১৬ চনত প্ৰথম বিমুদ্ৰাকৰণত ৫০০ আৰু ১০০০ ৰ নোটৰ প্ৰচলন বন্ধ কৰা হৈছিল। দেশত ৫০০/১০০০ টকাৰ নোট পৰ্যাপ্ত নাছিল বাবে ২০০০ টকীয়া নোটৰ  প্ৰৱৰ্তন কৰা হৈছিল। এই নোটসমুহ ২০১৭ ৰ মাৰ্চ মাহৰ পূৰ্বে প্ৰায় ৮৯%  প্ৰচলন হৈছিল আৰু সেই নোটৰ আয়ুস আছিল আনুমানিক ৪-৫ বছৰ। এই নোটবোৰৰ ব্যৱহাৰ ২০১৮ চনৰ  ৩১ মাৰ্চলৈ মুঠ ৬.৭৩ লাখ কোটি টকালৈ হ্ৰাস পাইছে যি  ৩১ মাৰ্চ , ২০২৩ ত প্ৰচলিত নোটৰ  মাত্ৰ ১০.৮%  গঠন কৰে। অহা ১ আগষ্টলৈকে এই নোটৰ পৰিমাণ হ্ৰাস পাই শূণ্যলৈ নামি আহিব বুলি আৰ বি আইয়ে আশা কৰে। 

মুলতঃ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এই সিদ্ধন্তটো মুদ্ৰাৰ গাথঁনি যুক্তিসংগত কৰিবলৈ আৰু কম মূল্যৰ বেংকনোটৰ উপলব্ধতা উন্নত কৰাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ চলিত প্ৰচেষ্টাৰ অংশ বুলি গণ্য কৰে। 

Leave a Reply

Your email address will not be published. Required fields are marked *