চীনৰ Chang’e-6 চন্দ্ৰযানৰ সফল অৱতৰণ

Share

চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুৰ পৰা নমুনা কঢ়িয়াই অনা চীনৰ এখন চন্দ্ৰযানে জটিল ৫৩ দিনীয়া অভিযান অতিক্ৰম কৰি ২৫ জুনত পৃথিৱীত সফল অৱতৰণ কৰি ইতিহাস ৰচনা কৰি বিশ্বদৰবাৰত নিজৰ কাৰিকৰী পাৰদৰ্শীতাৰ পৰিচয় দাঙি ধৰিছে। চীনৰ ৰাষ্ট্ৰীয় মহাকাশ সংস্থাই জনোৱা মতে  Chang’e-6 মহাকাশযানখনে মংগোলীয়াৰ এটি পূৰ্বনিৰ্ধাৰিত স্থানত স্থানীয় সময় অনুসৰি ২:০৭ বজাত চন্দ্ৰ অভিযানৰ সফল সামৰণি পেলায়।

ৰাষ্ট্ৰপতি ছি জিনপিঙে অভিনন্দন বাৰ্তাত কয় যে মিছন কামাণ্ডৰ অসাধাৰণ অৱদান মাতৃভূমি আৰু জনসাধাৰণে সদায় মনত ৰাখিব। ৩ মে  দ্বীপ প্ৰদেশ হাইনানৰ এটা মহাকাশ কেন্দ্ৰৰ পৰা উৰা মাৰি প্ৰায় এমাহৰ পিছত চন্দ্ৰৰ বিশাল দক্ষিণ মেৰুৰ আইটকেন অৱবাহিকাত অৱতৰণ কৰিছিল চীনৰ চন্দ্ৰযানখন। ই ড্ৰিল আৰু ৰবটিক আৰ্ম ব্যৱহাৰ কৰি নমুনা সংগ্ৰহ কৰিছিল চন্দ্ৰযানখনে, চন্দ্ৰৰ ছিদ্ৰযুক্ত পৃষ্ঠৰ কিছু ফটো তুলিছিল আৰু চন্দ্ৰৰ মাটিত বেছাল্টৰ দ্বাৰা নিৰ্মিত চীনা পতাকা উৰুৱাই নিজৰ দেশক পৃথিৱীৰ সন্মুখত গৌৰৱান্বিত কৰিলে। বিজ্ঞানীসকলৰ মতে তাত উদ্ধাৰ হোৱা পদাৰ্থই আমাক চন্দ্ৰৰ গঠন আৰু বিবৰ্তনৰ বিষয়ে বুজিবলৈ সহায় কৰিব। ইয়াৰ পৰা বুজা যায় যে চীনৰ চন্দ্ৰৰ অভিযান সম্পূৰ্ণ সফল হৈছে।   

Leave a Reply

Your email address will not be published. Required fields are marked *