“চীন স্থিৰ আৰু সুস্থিৰ সম্পৰ্কৰ বাবে ভাৰতৰ সৈতে কাম কৰিবলৈ সাজু” ৱাং য়ি

Share

অৰুণাচল প্ৰদেশৰ টাৱাঙত শেহতীয়াকৈ ভাৰত আৰু চীনা সৈন্যৰ মাজত সংঘৰ্ষক লৈ চলি থকা উওেজনাৰ মাজতে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িযে আজি কয় যে বেইজিং দ্বিপাক্ষিক সম্পৰ্কৰ স্থিৰ আৰু দৃঢ় বিকাশৰ বাবে ভাৰতৰ সৈতে কাম কৰিবলৈ সাজু। ২০২২ চনত আন্ত:ৰাষ্টীয় পৰিস্থিতি আৰু চীনৰ বৈদেশিক সম্পৰ্ক সন্দৰ্ভত এক আলোচনা চক্ৰত ভাষণ দি ৱাঙে কয় যে দুয়োখন দেশে কূটনৈতিক আৰু সামৰিক মাধ্যমৰ জৰিয়তে যোগাযোগ বজায় ৰাখিছে। শেহতীয়া পাৰ্টী কংগ্ৰেছৰ সময়ত ক্ষমতাহীন কমিউনিষ্ট পাৰ্টী অৱ চাইনাৰ (চিপিচি) উচ্চ ক্ষমতা সম্পন্ন ৰাজনৈতিক ব্যুৰোলৈ উন্নীত হোৱা  ৱাঙে কয়,”চীন আৰু ভাৰতে কূটনৈতিক আৰু সামৰিক মাধ্যমৰ জৰিয়তে যোগাযোগ বজাই ৰাখিছে , আৰু দুয়োখন দেশসীমান্ত অঞ্চলত স্থিৰতা বজাই ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তেঁও  আলোচনাচক্ৰত কয় যে চীন -ভাৰত সম্পৰ্কৰ স্থিৰ আৰু দৃঢ় বিকাশৰ দিশত আমি ভাৰতৰ সৈতে কাম কৰিবলৈ সাজু আছো। “

 

Leave a Reply

Your email address will not be published. Required fields are marked *