চীন ভাৰতৰ ভয়ংকৰ সংঘাত, বিশ্বৰ বাবে হৈ পৰিব পাৰে ভাবুকি

Share

অৰুণাচল টাৱাঙত সংঘটিত হোৱা ভাৰত চীনৰ ভয়ংকৰ সংঘাতৰ ওপৰত বিশ্বই দৃষ্টি ৰাখিছে।এই সংঘাত যাতে কোনো কাৰণতে আৰু অধিক সম্প্ৰসাৰিত হব নোৱাৰে এইটো বিষয়ত অধিক গুৰুত্ব দিছে বিশ্ব সমুদায়ে ।যোৱা ৯ ডিচেম্বৰত সংঘটিত হোৱা সংঘাত ৰ পিছত এতিয়া টাৱাঙৰ সীমান্তত অশান্তই বিৰাজ কৰিছে ।পাৰমাণৱিক অস্ত্ৰৰে দুয়োখন দেশৰ মাজত সংঘাত আৰম্ভ হলে বিশ্বৰ বাবে হৈ পৰিব পাৰে ভাবুকি ।চীন ভাৰতৰ সংঘাত দূৰ কৰিবলৈ পদক্ষেপ হাতত লোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰই ।তাৰ পিছৰে পৰা ভাৰত চীনৰ মাজত অৰুণাচল সীমান্তত সৃষ্টি হোৱা এনে সংঘাতৰ ওপৰত দৃষ্টি ৰাখিছে আমেৰিকাই।ইফালে ৰাষ্ট্ৰসংঘৰ সচিব এন্টনিঅ’ গুটেৰেছেও ভাৰত চীন সীমান্তৰ উত্তেজনাৰ হ্ৰাস কৰিবলৈ ইতিমধ্যে আহ্বান জনাইছে।কিন্তু এতিয়াও উত্তেজনিত হৈ আছে ভাৰত চীন সীমান্ত।আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ভাৰতৰ সমৰ্থনত আগবাঢ়ি আহিছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *