চীন দেশৰ হেকাৰৰ লক্ষ্য এইবাৰ ভাৰত 

Share
গুৱাহাটী,৭ এপ্রিলঃ চীনৰ হেকাৰসকলে ভাৰতৰ ওপৰত চাইবাৰ আক্রমণৰ লক্ষ্য স্থিৰ কৰিছে ।ইতিমধ্যে, চীনা হেকাৰসকলে ভাৰতৰ শক্তি খণ্ড, ৰাষ্ট্রীয় জৰুৰীকালিন সঁহাৰী প্রণালী আৰু এটা বহুজাতিক লজিষ্টিক কোম্পানীৰ সহায়ক কোম্পানীক বহুদিনৰ পৰা লক্ষ্য কৰি লোৱা ঘটনা পোহৰলৈ আহিছে । “ৰেকৰ্ড ফিউচাৰ ইংক্” নামৰ চোৰাংচোৱা প্রতিষ্ঠানটোৱে এই তথ্য প্রকাশ কৰিছে ।
এই তথ‌্য পোহৰলৈ অহাৰ পাছতে এতিয়া ভাৰতৰ বিৰুদ্ধে চীনা হেকাৰসকলে বৃহৎ ষড়যন্ত্র কৰা তথ্য প্রকাশ পাইছে ।” ৰেকৰ্ডেড ফিউচাৰ ইংক্” নামৰ চোৰাংচোৱা প্রতিষ্ঠানটোৱে এক প্রতিবেদনত উল্লেখ কৰি কয় যে —” চীনে এইবাৰ চোৰাংচোৱা অভিযানৰ অধীনত ভাৰতৰ শক্তি খণ্ডক লক্ষ্য কৰি লৈছে । তদুপৰি , ব্লুমবাৰ্গে  “ৰেকৰ্ডেড ফিউচাৰ “ৰ প্রতিবেদনৰ আধাৰত উদ্ধৃতি দি কৈছে যে চীনৰ চীন চৰকাৰৰ  পৃষ্ঠপোষকতাত হেকাৰসকলে উত্তৰ ভাৰতৰ কমেও ৭টা লোড প্রেৰণ কেন্দ্রৰ ওপৰত গুৰুত্ব প্রদান কৰিছিল । এই কেন্দ্রসমূহৰ কাম হৈছে ভাৰত-চীন সীমান্ত আৰু লাডাখৰ ওচৰৰ অঞ্চলসমূহত গ্ৰিড নিয়ন্ত্রণ আৰু বিদ্যুত প্রদান কৰাৰ বাবে বাস্তৱ সময়ৰ কাৰ্যকলাপ কৰা ।

Leave a Reply

Your email address will not be published. Required fields are marked *