বিজ্ঞান আৰু গণিত বিষয়ক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য

Share
নিউজ ডেস্কঃ শনিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গণিত আৰু বিজ্ঞান বিষয়ৰ ওপৰত হোৱা বিতৰ্কৰ ওপৰত সংবাদমেলৰ আগত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,” মই মোৰ ল’ৰাক ইংৰাজী মাধ্যমত পঢ়ুৱাইছো, কুল শইকীয়াৰ ল’ৰাই গোটেই জীৱন ইংৰাজী মাধ্যমত পঢ়িছে। দুখীয়া মানুহৰ ওপৰত ইমানো অন্যায় কৰিব নাপায়। যিয়ে অসমৰ অসম চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিব তেওঁলোকে নিজৰ সন্তানক ইংৰাজী মাধ্যমত নপঢ়াই বুলি এখন লিখিত পত্ৰ হস্তাক্ষৰ কৰি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিব লাগিব। নিজৰ ল’ৰা-ছোৱালীক ইংৰাজী মাধ্যমত  দি ৰিক্সাৱালা-ঠেলাৱালাৰ ল’ৰা-ছোৱালীৰ ওপৰত অত্যাচাৰ কৰিব নাপায়।”লগতে তেওঁ কয় যে, এনেকে মানুহে মুখা পিন্ধি থাকিলে অসমখন নচলিব। অসম চৰকাৰে মাতৃভাষাৰ বিদ্যালয় বন্ধ কৰা নাই। বৰঞ্চ গণিত আৰু বিজ্ঞান বিষয় কেইটা অসমীয়াৰ ঠাইত ইংৰাজী কৰিছে।

উল্লেখ্য যে, ২০২৩ চনৰ শিক্ষাবৰ্ষৰ  পৰা গণিত আৰু বিজ্ঞান বিষয়টো চৰকাৰী,  প্ৰাদেশিকীকৃত অসমীয়া আৰু অন্যান্য স্থানীয় মাধ্যমৰ বিদ্যালয়ত ইংৰাজী শিকোৱা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *