ফেব্ৰুৱাৰী বা মাৰ্চ মাহৰ ভিতৰতে পৰীক্ষাৰ্থীসকলে লাভ কৰিব ভাল খবৰ।অৱশেষত সকলোৰে জল্পনা কল্পনাৰ অন্ত পেলাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিলে ভালখবৰ।বিগত সময়ছোৱাত হৈ যোৱা অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ ফলাফল ফেব্ৰুৱাৰী মাহৰ ভিতৰতে লাভ কৰিব পৰীক্ষাৰ্থীসকলে।বিভিন্ন প্ৰান্তৰ লাখ লাখ পৰীক্ষাৰ্থীয়ে উৎকন্ঠাৰে ৰৈ আছিল ফলাফলৰ বাবে।আৰু শেষত সকলোৰে অপেক্ষাৰ অন্ত পেলাই সামাজিক মাধ্যমৰ যোগেদি বাৰ্তা দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।ইয়াৰ উপৰিও আৰক্ষীৰ লিখিত পৰীক্ষা কেতিয়া অনুষ্ঠিত হব সেই কথাও উল্লেখ কৰিছে ড০ শৰ্মাই। ফেব্ৰুৱাৰী মাহৰ ভিতৰতে অনুষ্ঠিত হব আৰক্ষীৰ লিখিত পৰীক্ষা। নতুনকৈ ৩০ হাজাৰ নিবনুৱাক চাকৰী দিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ।কথা দিয়াৰ মতেই কাম কৰিব ৰাজ্য চৰকাৰে।বিকাশৰ ১২ দিনীয়া কাৰ্য্যসূচীত বিভিন্ন জীলাৰ অনুষ্ঠানত সকলোৱে সোধা প্ৰশ্নৰ উত্তৰ সামাজিক মাধ্যমৰ জড়িয়তে দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।