৩৭বছৰৰ  ইতিহাস ভংগ কৰিলে মুখ্যমন্ত্ৰী ‘যোগী’য়ে

Share
ডিজিটেল ডেস্ক, ১১ মাৰ্চঃ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নতুনকৈ ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হৈছে । তেওঁ উত্তৰ প্ৰদেশৰ নিৰ্বাচনী ইতিহাস সম্পৰ্কে বহুতো জনবিশ্বাস ভংগ কৰিছে। ১৯৮৫ চনৰ পৰা ৰাজ্যখনত কোনো দল পুনৰ ক্ষমতালৈ অহা নাছিল ।কিন্তু যোগীৰ নেতৃত্বত বিজেপিয়ে এই ইতিহাস ভংগ কৰিবলৈ সক্ষম হৈছে । ৩৭বছৰৰ অন্তত উত্তৰ প্ৰদেশত দ্বিতীয়বাৰৰ বাবে শাসনলৈ অহা প্ৰথমটো দল হৈছে বিজেপি। যোগী আদিত্যনাথ হৈছে উত্তৰ প্ৰদেশৰ ইতিহাসৰ প্ৰথম মুখ্যমন্ত্ৰী, যি তেওঁৰ পাঁচ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত পুনৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়।ইপিনে এইবাৰ ৰাজ্যখনত বিজেপিৰ ভোটৰ অংশও যথেষ্ট বৃদ্ধি পাইছে। ২০১৭ চনৰ বিধানসভা নিৰ্বাচনৰ তুলনাত এইবাৰ বিজেপি মিত্ৰজোঁটৰ ভোট 39.7 শতাংশৰ পৰা 42.8%শতাংশলৈ বৃদ্ধি পাইছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *