যোৰহাটৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ মুখ্য়মন্ত্ৰীৰ

Share

বৃহস্পতিবাৰে, ১৫ ডিচেম্বৰত যোৰহাটত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত মুখ্য়মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। এই বৈঠকত মুখ্য়মন্ত্ৰীয়ে, ৮৫৭ কোটি টকাৰ ব্য়য় সাপেক্ষ বহুকেইটা প্ৰকল্পৰ কামৰ শুভাৰম্ভ কৰে । 

যোৰহাটত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত লোৱা সিদ্ধান্তসমুহ হ’ল – 

১) যুৱ পেছাদাৰী কাৰ্যসূচী (জিলা প্ৰশাসনৰ সৈতে কাম কৰিবলৈ সমাজৰ তৃণমুল পৰ্যায়ৰ ভিন্ন ক্ষেত্ৰৰ যুৱ পেছাদাৰীসকলক ২ বছৰৰ বাবে নিয়োগ কৰা) ৰ অধীনত অসমৰ ৩৫খন জিলাৰ প্ৰতিখন জিলাত ২ গৰাকীকৈ যুৱ পেছাদাৰীক শিক্ষা, স্বাস্থ্য় আৰু মহিলা , শিশু উন্নয়ন ক্ষেত্ৰত বিশেষ গুৰুত্বৰ হেতু নিয়োজিত কৰা।

২) যুৱ পেছাদাৰীসকলক নিয়োজিত কৰাৰ লক্ষ্য়ৰে ৩ বছৰৰ আনুমানিক বাজেট – ২৩২.২২ কোটি টকা।

৩) ৰাজগড় ৰোডৰ দিশত ২ লেন সম্প্ৰসাৰণেৰে দীঘলীপুখুৰীৰ পৰা নুনমাটি এফ চি আই গুদামলৈ জি এন বি ৰোডত ৪ লেনযুক্ত এলিভেটেড কৰিডৰ নিৰ্মাণ কৰা হ’ব। 

৪) গুৱাহাটী নাগৰিকৰ উপযোগিতা সেৱাৰ ক্ষেত্ৰত- স্ট্ৰীট লাইটৰ চোৱাচিতা, আৱৰ্জনা সংগ্ৰহ আদিৰ বাবে গুৱাহাটী ইউটিলিটিজ কোম্পানী লিমিটেড স্থাপন কৰাৰ সিদ্ধান্ত ।

৫) অসম চিনেমা নিয়ন্ত্ৰণ সংশোধনী আইন, ২০০৫ উলংঘনৰ বাবে বৰ্তমানৰ জৰিমনা ৫ হাজাৰৰ পৰা ১০ হাজাৰ টকালৈ পুনৰ নিৰ্ধাৰণ কৰাত  অনুমোদন।

৬) শক্তি খণ্ডৰ উন্নয়নৰ লক্ষ্য়ৰে CENTRAL ELECTRICITY REGULATORY COMMISION T&C OF TARIFF 2019-ৰ নিয়মানৱলী ৬৬ অনুসৰি পাৰস্পৰিক সন্মত মীমাংসা শুল্কত নেডেলি উত্তৰ প্ৰদেশ পাৱাৰ লিমিটে়ডৰ পৰা অতিৰিক্ত ২০৬ মেগাৱাট বিদ্য়ুত ক্ৰয়ৰ সিদ্ধান্ত।

৭) এগ্রিগেটৰসকলক মটৰচাইকেল টেক্সি একত্ৰীকৰণৰ অনুমতি প্ৰদান (অনা-পৰিবহণ মটৰচাইকেলসহ), অসমত এনে এগ্রিগেটৰৰ দ্বাৰা পৰিচালিত ব্যৱসায়ৰ নিয়ন্ত্রণ আৰু বাহন পুলিং ব্যৱস্থাক উৎসাহিত কৰি চহৰখনত অংশীদাৰী গতিশীলতা বৃদ্ধি কৰা আদিৰে আছাম মটৰ ভেহিকেল এগ্রিগেটৰ ৰুলছ, ২০২২ৰ প্ৰৱৰ্তন

৮) গোচৰ প্ৰক্ৰিয়াৰ মসৃণতাৰ বাবে এগৰাকী অভিযোজন সঞ্চালক আৰু অভিযোজন উপ-সঞ্চালকেৰে অভিযোজন সঞ্চালকালয় স্থাপন। ই ৰাজহুৱা অধিবক্তা, অতিৰিক্ত ৰাজহুৱা অধিবক্তা, বিশেষ ৰাজহুৱা অধিবক্তা আৰু সহকাৰী ৰাজহুৱা অধিবক্তাৰ কাম-কাজসমূহ সুশৃংখলিত কৰাৰ লগতে গোচৰৰ সময়ত ত্রুটিসমূহ হ্ৰাস কৰিব।
৯) অপৰাধী ন্যায় প্ৰদান প্ৰক্ৰিয়াৰ শক্তিশালীকৰণৰ উদ্দেশ্যেৰে ফৌজদাৰী প্ৰক্ৰিয়া সংহিতা (অসম সংশোধনী) বিধেয়ক, ২০২২ বিধানসভাত উত্থাপন।
১০) অপৰাধী ন্যায় প্ৰদান প্ৰক্ৰিয়াৰ শক্তিশালীকৰণে অভিযোজন সঞ্চালকালয় স্থাপনৰ লগতে প্ৰছিকিউটৰৰ কেডাৰ অর্থাৎ ৰাজহুৱা অধিবক্তা, অতিৰিক্ত ৰাজহুৱা অধিবক্তা, বিশেষ ৰাজহুৱা অধিবক্তা আৰু সহকাৰী ৰাজহুৱা অধিবক্তা সম্পৰ্কীয় কিছুমান ব্যৱস্থা সংশোধন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *