এতিয়াৰে পৰা গামোচা-জাপিৰে সম্বৰ্ধনা জনাব নালাগে মুখ্যমন্ত্ৰীকঃ জিলা উপায়ুক্তলৈ নিৰ্দেশনা

Share
এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ সভাত নিষিদ্ধ কৰা হ’ব প্লাষ্টিকযোগ্য সামগ্ৰী। ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্তসকললৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। নিৰ্দেশনাত কোৱা হৈছে যে এতিয়াৰে পৰা মুখ্যমন্ত্ৰী উপস্থিত থাকিবলগীয়া চৰকাৰী অনুষ্ঠানত জিলা উপায়ুক্তসকলে এই নিয়ম অনুকৰণ কৰিব লাগিব। নিৰ্দেশনা অনুসৰি, মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ সামগ্ৰী নিষিদ্ধ হ’ব। প্লাষ্টিকৰ বটলৰ সলনি আইনাৰ বটলত পানী দিব লাগিব মুখ্যমন্ত্ৰীক। মাটিৰ কাপত যাচিব লাগিব চাহ। এনে অনুষ্ঠানত দুপৰীয়া আৰু নিশাৰ আহাৰ হ’ব লাগিব নিৰামিষ অসমীয়া খাদ্য বা থলুৱা জনজাতীয় খাদ্য।
ইয়াৰ উপৰিও নিৰ্দেশনাত উল্লেখ আছে যে, মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰিব লাগিব। অনুষ্ঠানত গামোচা, ফুল, উপহাৰ আদিৰে মুখ্যমন্ত্ৰীক সম্ভাষণ জনাব নোৱাৰিব। তাৰ উপৰি অনুষ্ঠানত ঘোষকেহে আগবঢ়াব পাৰিব শলাগৰ শৰাই। যদিহে কোনো অনুষ্ঠানৰ বাবে মুখ্যমন্ত্ৰীগৰাকী নিশা সংশ্লিষ্ট স্থানত কটাবলগীয়া হয়, তেন্তে পিছদিনাৰ কাৰ্যসূচী বৃক্ষৰোপণেৰে আৰম্ভ কৰিব লাগিব।

Leave a Reply

Your email address will not be published. Required fields are marked *